সমললৈ যাওক

পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
শ্ৰীবৎস চিন্তাৰ বনবাস।


জননী আচ্ছাস বাক্যে দুইকো তোসিলা।
বাহিৰ গৃহতে ভক্ষ বস্তু আনি দিলা॥ ৩০২
এই গৃহে থাকা আই না ভাবিও দুখ।
কত দিন অন্তে মাঁৱ হৈবে তোৰ শুখ॥
যিবা প্ৰয়োজন হোন্ত আনি দিবে লোক।
থাকিও ইথানে আই ন কৰিবা সোক॥ ৩০৩
হেন মতে দুই জন থাকিলা বাহিৰে।
দেখা ধৰ্ম্ম মহামতি দৈবে কি নকৰে॥
ৰাজাগৃহে মানহিন বঞ্ছেঁ নৰপতি।
চিন্তাক সুমৰি যত মনে কস্ত অতি॥ ৩০৪
দারুন সন্তাপে ৰাজা দিবস ৰজনী।
সান্তনা কৰন্ত ভদ্ৰা বুলি পৃয় বাণী॥
দুখ কাল সেষ ভৈল জানিবা ৰাজন।
হেন জানি ৰোষ তেজি দৃদগ কৰাঁ মন॥ ৩০৫
শুনি হেন তৃপ্তী বাক্য শ্ৰীবৎস ৰাজন।
অহৰ্নিসী চিন্তা কৰে প্ৰভু নাৰায়ণ॥
হেন মতে দ্বাদষ বৰিষ কাতি গৈলা
গ্ৰহভোগ অন্তৰ্গত সুভযোগ ভৈলা॥ ৩০৬
অনন্তৰে দিনা এক শ্ৰীবৎস ভুপতি।
ভদ্ৰাক বুলিলা কথা চিন্তাৰ ভাৰতী॥
নিত্য নিত্য নদি তিৰে বসিয়া থাকন্ত।
ঘাতে পাইলে নৌকাসব তলাস কৰন্ত॥ ৩০৭