পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
শ্ৰীবৎস চিন্তাৰ বনবাস।

বিনয়ে সম্ভাষি মোৰ কহিবা মিনতি।
জিবা লাগে তাক দিয়া কৰিবোঁ সম্প্ৰীতি॥ ১৮২
আদেশ শুনিয়া দুত গৈল সীঘ্ৰ কৰি।
আনিলে অনেক ৰামা তুতি ভক্তি কৰি॥
হৰিশ অন্তৰে দৰিদ্ৰৰ নাৰিগন।
চলিজান্ত ঘাটে জৈত আছে মহাজন॥ ১৮৩
সেউতি, মালতি, হিৰা, কাদম্বী কেসৰী।
জসোদা, বিমলা আসে বেশ ভুষা কৰি॥
লিলাৱতি কলাৱতি কেতকী সুন্দৰী।
লয়লাষে জান্ত যত কুলৱতী নাৰি॥ ১৮৪
দালিমি বুকুলি ৰামা নাৰি হিৰন্মতি।
অনেক যুবতি আসে বিনে চিন্তা সতী॥
আথে বেথে নাৰিগণ পৰশ কৰিলা।
নলৰিলা নৌকা যেন পৰ্ব্বত অচলা॥ ১৮৫
মিচা মাতে জানি লোহো ধুৰ্ত দ্বিজবৰ।
কিংকৰকপুছে কথা ইহাৰ উতৰ॥
অৰু কি আচন্ত তৈত কাথুৰিয়া নাৰি।
আছে কি না আছে দেখি আস শীঘ্ৰ কৰি॥ ১৮৬
এক নাৰি আছে ঘৰে দুতে বুলি লন্ত।
স্বামী আজ্ঞাঁ নকৰিলে নিচ্ছয়ে নাসন্ত॥
কাননে গৈলন্ত স্বামী এবে নাহি ঘৰে।
নিষেধ কৰন্ত স্বামী জাইবাক পৰে॥ ১৮৭