পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৮৪

ভগৱানৰ মিলনৰ দিন আজি, হৰ-হৰিৰ মিলনৰ দিন আজি, আদৰ্শ প্ৰণয়ী যুগলৰ মিলন-দিন আজি— তাৰে সৈতে মই দেৱতাসকলকো মুক্তি দিলো— দেৱতাৰো স্বৰ্গৰ সৈতে পুনৰ মিলন হওক।
প্ৰভু— তেন্তে চৰণৰ ধূলা দি পুৰী মোৰ কৃতাৰ্থ কৰাহি।

 (বাণ আগবাঢ়ি যায়, শ্ৰীকৃষ্ণ, শঙ্কৰ পাছত যায়, আন আন সকলো তাৰ পাছত “জয় ভক্ত ভগৱানৰ জয়” বুলি পাছ লয়)

 


 

সমাপতি

 (নিজান ফুলনি এখনত এজোপা পদুমনিৰ ওচৰত থকা গছৰ ছাঁত চিত্ৰলেখা বহি আছিল। গছৰ ডালত এটা সখিয়তীয়ে মাতি আছিল।)

চিত্ৰই গায়

চৰাই বনৰীয়া
 মুকলিমূৰীয়া
 গাৱ বনৰীয়া গীত;
মনে উৰো উৰো
 কৰে তোৰ লগতে
 মোৰে উৰণীয়া চিত।
ঊষা জিৰণীয়া
 পাই লগৰীয়া,
 সন্ধিয়াৰ দেশলৈ যায়,
 অকলশৰীয়া
 কৰি মোক সখিয়া,
 গলা মিলনৰে নিশাটি পাই।

চিত্ৰ: সখী ঊষা। আজি তোমাৰ সৈতে মোৰ বিচ্ছেদ নেকি? (মনে মনে থাকে) ইমান দিনৰ মৰম-চেনেহ আজি (চকুপানী