এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
লাজৰ কথা হ’ব। গোটেই যাদৱবাহিনীৰে গৈ কুমাৰক উদ্ধাৰ কৰিব লাগিব, আৰু বাণকো উপযুক্ত শাস্তি দিব লাগিব। প্ৰভু। তাৰ উপৰিও অহঙ্কাৰী দানৱৰ সৈতে এবাৰ অস্ত্ৰ চালনা কৰি সিহঁতৰ গৰ্ব খৰ্ব কৰিবৰ বৰ হেঁপাহ আছে। প্ৰভু। আপুনি আদেশ কৰক; আমি যুদ্ধ কৰিম। |
বলোৰাম: | ঠিক কৈছা। সন্ধিৰ প্ৰয়োজন নাই। দানৱৰ সৈতে আকৌ সন্ধিৰ প্ৰস্তাৱ। কুমাৰক মুক্ত কৰি দিলেও তাক শাস্তি দিব লাগিব। সি যাদৱক জোকাই লোৱাৰ অপৰাধৰ বাবেই তাৰ শাস্তি। কৃষ্ণ! মই তোমাৰ কোনো কথা শুনিবৰ ইচ্ছা নকৰো। যাদৱ আগ, তাৰ পাছে পাছে নীতি যাব, ৰীতি যাব। এনে অপমান যাদৱে সহ্য নকৰে। সকলোৱে— এৰা আমি যুদ্ধ কৰিম। |
নাৰদ: | এৰা, যুদ্ধযাত্ৰা কৰা শ্ৰেয়। দানৱৰ দৰ্প চূৰ্ণ হোৱাৰ আৱশ্যক। তোমালোকক যি শক্তিয়ে ইমান দিন উপেক্ষা কৰি আহিছে, সেই শক্তিৰ সৈতে এবাৰ তোমালোকৰ শক্তিৰ পৰীক্ষা হোৱা বাঞ্ছনীয়। বাৰু, মই আহিলো। |
(নাৰদ যায়গৈ)
শ্ৰীকৃষ্ণ: | সকলোৰে ইচ্ছা যুদ্ধ কৰা। বাৰু, তেন্তে সেয়ে হওক। যদি আমাৰ আগত বাণে আঁঠু লৈ কুমাৰক সমৰ্পণ কৰে তেন্তে সুখৰ কথা। যদি নকৰে, অৱশ্যে যুদ্ধ অনিবাৰ্য, যোৱা যাদৱ বীৰসকল! যুদ্ধৰ কাৰণে তেন্তে প্ৰস্তুত হোৱাগৈ। হোৱা সাত্যকি বাহিনী সজোৱাগৈ। নগৰত শঙ্খধ্বনিৰে যুদ্ধযাত্ৰাৰ বতৰা ঘোষণা কৰি দিয়াগৈ। কালিলৈ প্ৰাতঃ ঊষাতে যাদৱবাহিনীয়ে শোণিতৰ অভিমুখে যাত্ৰা কৰিব লাগিব। যোৱা। |
(কৃষ্ণ, বলোৰাম, এফালে যায়।
আনবোৰে আনফালে যায়গৈ।)