পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২৯

অনন্ত বাসনা লৈ হিয়াৰ
মাজত?
ফুলিছে সহস্ৰ ফুল কত
যুগ ধৰি গাবহি
অনন্ত কাল কুলিয়ে অমিয়া,
বিলাব সৌৰভ ফুলি শত ফুলকলি,
তথাপিতো নহব যে শেষ
অতৃপ্ত হিয়াৰ মোৰ সৌন্দৰ্য-সাধনা
সঙ্গীতৰ সহস্ৰ কুঁৱৰী বিলাব
সঙ্গীত-মৌ শত যুগ ধৰি,
প্ৰেমৰ কুঁৱৰীসৱে কত
অভিনয় কৰি যাব কত
কাল ধৰি; কিন্তু তথাপি
হিয়াৰ মোৰ অতৃপ্ত বাসনা
নহ’ব নহ’ব শেষ, আকুলতা
থাকিব প্ৰাণত। ক’ত এই
বাসনাৰ শেষ?
কত শত শিলাকুটি নিৰ্মিব
পুতলা, কত শত চিত্ৰলেখা
তুলিৰ আগেদি ফুটাব
সুন্দৰ মূৰ্তি নোহোৱা-
নোপজা কল্পনাৰ।
সিপাৰৰ হে চিৰসুন্দৰ!
কোন তুমি যুগমীয়া
সৌন্দৰ্যৰ নিৰ্মাত দেৱতা?
ব্যৰ্থ হেৰা, ব্যৰ্থ হেৰা তোমাৰ
নিৰ্মাণ এই বিশ্বসংসাৰৰ
ভাগ্যবিধাতা বৃথা দেখো