এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪
আজি প্ৰতীক্ষাৰ শেষ হ’ল সখী,
বিৰহী প্ৰিয়ক চুমা দিয়া।”
(৮)
বিজুলী সঞ্চাৰ লাগিল গাত,
প্ৰেমিকৰ শুনি মধুৰ বচন।
প্ৰাণ উটুৱাই নিয়া—
“বিৰহী প্ৰিয়ক চুমা দিয়া।”
(৯)
আপোন ভাবতে উগুল-থুগুল,
তাই বিয়াকুল হ’ল।
(১০)
পদুমী উৰ্দ্ধমুখ;
সেয়ে পদুমীৰ কত জনমৰ
কত কল্পনাৰ সুখ,
বাতৰি পদুমী-প্ৰণয়ৰ
উঠি বোকোচাত পোহৰৰ
ক’লে প্ৰেমিকাক—
“দিয়া-প্ৰতিদান দিয়া;
চিৰজনমৰ প্ৰিয় মোৰ তুমি।
চিৰজনমৰ সঞ্চিত মধু
অধৰৰ মোৰ
বাটি ভৰি সখা পিয়া।”
বাণ: | বাৰু, বেছ হৈছে। (এনেতে দুৱৰী আহি সেৱা জনায়।) কি? |
দুৱৰী: | প্ৰভু! সেনাপতি প্ৰসেঞ্জিতে যুদ্ধত জয়ী হৈ আপোনাৰ সাক্ষাৎ প্ৰাৰ্থনা কৰিছে। |