প্ৰয়াত উমেশ বৈশ্য ⵓ
সংগীতৰ ঝঙ্কাৰেৰে সমাজক ৰজনজনাই তোলাৰ এক প্ৰয়াসৰ নাম
ৰতন পাল
জিনজিয়া, বিশ্বনাথ
গ্ৰীক বা ভাৰতীয় ঋষিসকলে আবিষ্কাৰ কৰা অণুকেই বস্তুৰ ক্ষুদ্ৰতম অংশ বুলি প্ৰায় তিনিহাজাৰ বছৰ ধৰি বিবেচনা কৰি অহা হৈছিল। কিন্তু নৱ জাগৰণ আৰম্ভ হোৱাৰ পিছতেই পৃথিৱীৰ বহু প্ৰাচীন ধাৰাই সলনি হ'বলৈ ধৰিলে। অণুৰ পিছত এতিয়া পৰমাণু আৰু তাৰে ভিতৰত আছে ইলেক্ট্ৰন, প্ৰ'টন ইত্যাদি ইত্যাদি। বিজ্ঞানীসকলে ইয়াতেই থমকি ৰোৱা নাই৷ তেওঁলোকে বুজি পাইছে যে পদাৰ্থবোৰ আকাৰ পোৱাৰ আঁৰত আছে এক অতি শক্তিশালী অদৃশ্য শক্তি। মহাবিশ্বত ভাসমান সৌৰজগতকে আদি কৰি হাতীপটি সহ অন্যান্য নক্ষত্ৰ জগত নিয়ন্ত্ৰণ হৈ আছে সেই অধৰা অদৃশ্য শক্তিৰে। এই বিষয়ে যোৱা শতিকাৰ পৰা বিজ্ঞানীসকলে আভাষ পাবলৈ আৰম্ভ কৰে। আমাৰ দেশৰ সত্যেন্দ্ৰ নাথ বসু ঢাকা বিশ্ববিদ্যালয়ত কৰ্মৰত অৱস্থাতেই অতি সাধাৰণ সুযোগ সুবিধাৰ ভিতৰতে থাকি আন্দাজ কৰিছিল ঈশ্বৰীয় কণাৰ। যি কি নহওক এতিয়া সমগ্ৰ বিশ্বত বিজ্ঞানীসকলে ঈশ্বৰীয় কণাৰ অস্তিত্ব ধৰা পেলাবলৈ অহৰহ প্ৰচেষ্টা চলাই আহিছে।
এনে এক অদৃশ্য শক্তিৰ দ্বাৰা আমাৰ সমাজখনো চালিত হৈ আছে। সূৰ্যই যেনেকৈ তাৰ গ্ৰহ-উপগ্ৰহসমূহক ধৰি ৰাখিছে এক অদৃশ্য শক্তি জালিকাৰে ঠিক তেনেকৈয়ে আমাৰ সমাজখনক সূৰ্যসম শক্তি কিছুমানে এক অদৃশ্য ৰজ্জুৰে বন্দি কৰি ৰাখিছে। বিষয়টোক অধিক প্ৰাঞ্জল কৰিলে ক'ব পাৰি যে আদি কাল ধৰি আমাৰ পৃথিৱীৰ যাৱতীয় বস্তু কালৰ জোখত পৰিবৰ্তন হৈ আছে। এই পৰিবৰ্তন কেইবাটাও ৰূপত ঘটি আছে। যেনে বৃহৎ শিলবোৰ খণ্ড খণ্ড হৈ সৰু সৰু পাথৰৰ ৰূপ লয় আৰু সেই পাথৰবোৰ