নেতা নেত্ৰী গুৰু যত সমাজৰ
সমাজ গঢ়োঁতা যত কাৰিকৰ
লোৱাহে খবৰ আমাৰ ৰুগ্ন মনৰ
পঙ্গু অঙ্গ হলোঁ সমাজ দেহৰ
বচোৱা আমাক তুমি হে জ্ঞানীবৰ।
(২৭) সুৰ শিল্পীসকলে মধুৰ প্ৰণয়ৰ উদাস সুৰৰ অলেখ গীত গালে। কিন্তু এতিয়া দেশৰ দুৰ্দিনৰ সময়ত সেই সুৰৰ প্ৰয়োজন নাই। এতিয়াৰ প্ৰয়োজন দেশ ৰক্ষাৰ বাবে, জীৱন যুঁজৰ ৰণক্ষেত্ৰত প্ৰৱেশ কৰাৰ প্ৰেৰণাৰ গীতৰ। এতিয়া আকাশ-বতাহ সকলোতে ক্ষুধাৰ্ত জনতাৰ প্ৰাণ ৰক্ষাৰ কৰুণ আৰ্তনাদ। ঘৰে ঘৰে চোতালে চোতালে মৃত্যু যন্ত্ৰণা আৰু নৰ কংকাল ভৰি পৰিছে। আৰ্তজনক জীয়াই থকাৰ, উদ্দীপনা ভৰা, কণ্ঠ কপাই যোৱা প্ৰেৰণাৰ গীত গাবলৈ সুৰ শিল্পীসকলক দেশপ্ৰাণ গীতিকাৰে উদাত্ত আহ্বান জনাইছে—
চোতালে চোতালে নৰকংকাল
মৃত্যু যন্ত্ৰণা,
গোৱা শিল্পী আৰ্তজনৰ
জীয়াই থকাৰ গান
গোৱা শিল্পী কণ্ঠ কঁপাই
উদ্দীপনাৰ তান।
(২৮) বিৰহী কবি যতীন্দ্ৰ নাথ দুৱৰাই ‘মোৰ এই হিয়াখনি জেতুকা পাতৰ দৰে সেউজীয়া বননিৰ বৰণেৰে ঢকা' বুলি জেতুকা পাতৰ সেউজীয়া পাতৰ আঁৰত লুকাই থকা, মোহাৰি দিলেই ৰঙা ৰং ওলাই ৰক্তাক্ত বেদনা গধুৰ হিয়াখনৰ সম্ভেদ পোৱাৰ ইংগিত দিয়াৰ দৰেই দেশপ্ৰাণ গীতিকাৰজনেও কৈছে—
আমি জেতুকাৰ সেউজীয়া পাত
নাচি থাকো হালিজালি
ৰঙা হিয়াবোৰ বেদনাৰে ভৰা
তথাপি থাকো উমলি।
জেতুকা পাত দেখাত সেউজীয়া। বতাহত হালিজালি থাকোতে ৰঙীয়াল যেন লাগে। সেউজীয়া পাত মোহাৰি দিলে নিৰ্গত হোৱা ৰঙা ৰঙে জেতুকাৰ পাতৰ বেদনা ভৰা অন্তৰৰ পৰিচয় দিয়াৰ দৰে সমাজত হাঁহি-মাতি থকা