পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৭
উমেশ বৈশ্যৰ সৃষ্টি কৰ্মৰ মূল্যায়ন


চিনিব নোৱাৰাৰ দোষত আন জাতিবোৰ বহু আগুৱাই গৈছে। অতীতত থকাখিনি উজ্বলাই ৰখাৰ বাবে, পুৰণি খ্যাতি ৰক্ষাৰ বাবে কাম কৰিবলৈ প্ৰগতি পথলৈ ওলাই নগ'লে অসমীয়াই সকলো হেৰুৱাব লাগিব—

কৰ্মযোগী হৈ প্ৰগতিৰ বাটলৈ
আহ ওলাই;
নহ'লে যাব তোৰ সকলো হেৰাই
অতীতৰ খিয়াতিও যাব নুমাই॥

 (২২) হাঁহি মুখৰ, নিষ্কলুষ শিশুসকলে মানুহৰ সমাজৰ অন্যায়ৰ উত্তাল বতাহৰ মাজত তম্ভিব পাৰিবনে সন্দেহ জন্মিছে সমাজে এনে অন্যায়ৰ বিষেৰে সমাজ নগঢ়াৰ বাবে শিশুসকলে ভয়াৰ্ত অনুৰোধ কৰিছে—

নেজানো আমি তোমাৰ স্বৰূপ হে সমাজ,
যদি বিষাক্ত তোমাৰ স্বৰূপ হে সমাজ।
নাসাজিবা সেই ৰূপেৰে,
এই কামনাৰে।

 (২৩) অনাখৰী, অপঢ়ন, হোজা গাঁৱলীয়া মানুহে নেজানে জাতি-ধৰ্মৰ ভেদ কোনে আনি দিলে। কিন্তু যুক্তি বিচাৰ থকা পণ্ডিতসকলে সেই কথা জানে যেতিয়া তেওঁলোকে সেই ভেদ আঁতৰোৱাৰ যত্ন কৰি দেশখন সংকটৰপৰা বছোৱাৰ যত্ন কৰক। জাতি-ধৰ্মৰ এই ভেদাভেদৰ বাবে জাতিয়ে জাতিয়ে পৰস্পৰে যুঁজি পৰস্পৰৰ সংকট-বিপদ তথা মৃত্যু ঘটাইছে। পণ্ডিতসকলে এই বিষয়ে চিন্তা-গবেষণা কৰি বিবাদৰ অন্ত নেপেলালে দেশখন শেষ হৈ যাব। সেইবাবেই গীতিকাৰজনে দেশ বচাবৰ বাবে জ্ঞানী-পণ্ডিতসকলক আহ্বান জনাইছে—

যুক্তি তথ্য তোমাৰে হাততে
যিহেতু মগজু আছে,
সেই মগজুৰে শত বিনাশী
সমাজৰ সৰু বৰ জাতিভেদ বিনাশী
বচোৱা আমাৰে দেশ।

 (২৪) দেশৰ কৃষকসকলে তেজক পানী কৰি খেতি কৰিও শোষকৰ জালত পৰি পেটৰ ভোগ গুচাব নোৱাৰে। বনুৱাসকল, পেটৰ ক্ষুধা নুগুচাসকল সচেতন হৈ শোষক শ্ৰেণীক ওফৰাই পেলাই জীৱনৰ নতুন ৰূপ ল’বলৈ