লেলিহান অগ্নিশিখা
ছাই হৈ উফৰিব অত্যাচাৰী দল
আঁতৰি পলাব ঘােৰ অমানিশা
হ’ব শেষ শােষণ পীড়ন
আমি ল'ম নতুন জীৱন”
তেওঁ আছিল আশাবাদী। আশা কৰিছিল এটি নতুন যুগৰ। যিটো যুগত জননী জন্মভূমি অতীতৰ দৰে আকৌ বিশ্ব দৰবাৰত গৌৰৱৰ হাঁহিৰে জিলিকি উঠিব।
সাজপাৰকে ধৰি, অসমৰ আপুৰুগীয়া কৃষ্টি-সংস্কৃতিক পাহৰি পশ্চিমৰ উতলা বতাহত গা-মন উটুৱাই দিয়া ডেকা-গাভৰুহঁতক দেখিও ক্ষোভেৰে তেওঁ গাই উঠিল—
“নাই কিয় তহঁতৰ চেনেহৰ বিহুটিত
দল্দোপ দল্দোপ হেন্দোলদোপ
পশ্চিমৰ বতাহত উটি বুৰি মৰিছ
পাহৰিছ তই হে’ৰ তােক”
আৰু
“নাচ-নাচ নাচনী নাচ
অসুৰ মর্দিনী ৰূপ লৈ
এইবেলি নাচ
নহ'লে নহয় শেষ
সমাজৰ ক'লা মেঘ
নিজিলিকে আমাৰ আকাশ।”
অসমৰ কণ্ঠশিল্পী দলকো ক’বলৈ পাহৰা নাই—
“উদাস উদাস সুৰ ভুলি যােৱা
শিল্পী-সুৰকাৰ
এই যে সময় জীৱন যুঁজৰ
শঙ্খ বজোৱাৰ
আমাক ৰণাঙ্গনৰ জয়গীতি গাই
কৰাহে শক্তিমান।”
অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত আত্মাহুতি দিয়াৰ বাবে প্রাণ উতলােৱা