যিমানবিলাক ঘটনা ঘটিব পাৰে সেই সকলোবোৰৰ লগত মিলিবৰ কাৰণে আমাৰ মনক সাজু কৰা।
ইয়াৰ অৰ্থ—মানৱ-জীৱনৰ যাবতীয় কাৰ্যত শিক্ষাই আমাক নিপুণ কৰি তুলিব পাৰিব লাগে।
আগত আমি ইয়াকো দেখি আহিছোঁ যে জীৱনৰ যাৱতীয় কাৰ্য্যৰ ভিতৰত জীবিকা-অৰ্জনেই প্ৰধান। ধন-সাচোঁতা মানুহক ধন-সাঁচিব-নোৱাৰা মানুহে কালৰ আদিৰপৰা, সজ- অসজ অনেক আখ্যান দি আহিছে। পিপৰাই জাৰ কালিৰ খাদ্য, আৰু মৌমাখিএ অসময়ত আহাৰ সাঁচি থোৱাত আমি বাহাবা দিওঁ; কিন্তু দোষ দেখোঁ মানুহৰ বেলিকা! গালি পাৰিলেই, নিজক আৰু জাতিক ৰক্ষা কৰিবৰ কাৰণে আমাৰ সঞ্চয়ৰ যি প্ৰবৃত্তি, তাক গুচাব নোৱাৰি বা তাৰ অনাৱশ্যকতাৰ প্ৰমাণ নহয়।
২। জীৱিকা-অৰ্জন আমাৰ ঘাই কৰ্তব্য হলে, প্ৰশ্ন উঠে
এইটো—এই ক্ৰিয়াৰ কাৰণে কেনে বিধৰ
উদাৰ আৰু সংকীৰ্ণ শিক্ষা
শিক্ষা আমাৰ পক্ষে বিশেষ উপযোগী।
জীৱিকা-অৰ্জনৰ অনেক বাট আছে।
মিউনিছিপালিটিৰ ভিতৰত ৰাতিপুৱাতে যিসকল ভদ্ৰলোকে
গাৰীৰে গৈ প্ৰতি গৃহস্থৰ ঘৰ পাই আহে, তেওঁলোকৰপৰা
আৰম্ভ কৰি ৰাজা-মহাৰাজা, জমিদাৰ-জোৎদাৰ, হাকিম-উকিল