পৃষ্ঠা:শান্তি-কৱচ.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
শান্তি-কৱচ


(১০) নাকাঢ়িবাঁ হুমুনিয়া বাই-ভনীহঁত,
  প্ৰৱঞ্চক পুৰুষ সদায়;
 এভৰি পানীত আৰু এভৰি মাটিত
  একোটিত স্থিৰ মতি নাই।”

(১১) ‘সচা, কালি সন্ধ্যা মই ‘বাৰু’ বুলিছিলোঁ,
  “ওহোঁ” বোলো পুৱা ডাঙৰীয়া।
 চাকিৰ পোহৰে দেখে যাৰ যেনে ৰূপ,
  দিনত নেদেখি তেনেকুৱা।”

(১২) ফৰ্ড মটৰৰ জন্মদাতাক বিয়াৰ সোণালী জয়ন্তীত কোনো বন্ধুৱে সুধিলে বোলে বৈবাহিক জীৱনত তেওঁৰ সুখ সফলতাৰ মূল হেতু কি। সৰলচিতীয়া ফৰ্ড্‌ ছাহাবে সমিধান দিলে, “মোৰ ব্যৱসায়ত যি! একে চানেকিতে লাগি থকা!!”