পৃষ্ঠা:শান্তি-কৱচ.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
শান্তি-কৱচ


ধীৰ হোৱাঁ; মিছা ধনীৰ সেৱক নহবা ধনৰ হকে;
নাদ বা সাগৰ য’ৰে পানী আনা, ঘটত ধৰিব একে৷”

 “বাপৰ ধনেও নাটে, পাপৰ ধনেও নাটে।” ৰূপৰ চামুচ মুখত লৈ উপজিলেও নিজৰ কামিলা গুণ নহলে জীৱনৰ অমিয়া উপভোগ কৰিব নোৱাৰি।

“শুই সপোনত দেখোঁ, জীৱন সুন্দৰ!
উঠি দিঠকত চাওঁ, কৰ্তব্যৰ ঘৰ!!”

 পঞ্চম আৰু এই সকলো সামৰা শ্ৰেষ্ঠ গুণ হ'ল বুদ্ধি। জীৱনৰ অমিয়া পাবলৈ বিদ্যাই যথেষ্ট নহয়, বিচাৰ লাগে।

“আকাশ চেপেটা? জুই জোন-পৰুৱাৰ?
এটাও নহয় ঠিক, বিচাৰ বিকাৰ!!”

 বুদ্ধিৰ নাটনি হলে একোৱে তাক ঢাকিব নোৱাৰে—

“অগ্নিক পানীৰে, ৰ’দক ছাতিৰে, বনৰীয়া হাতী ধৰি
চোকা অঙ্কুশেৰে, এচাৰিৰে গৰু-গাধক শাসিব পাৰি;
ৰোগৰ ঔষধ, বিষৰ মন্ত্ৰাদি শাস্ত্ৰই ৰাখিছে বান্ধি;
মুঠে এটি কথা, মূখৰ ঔষধ কোনেও নাপালে চান্দি।”


বচন-মুকুতা

[ক] সৰল আৰু চতুৰ

 সজ হোৱাঁ; যাৰ মন যায় টেঙৰ হওক। সজ হ’ব নোৱৰা গুণেই শিয়াল টেঙৰ। কামত সজ, ভাবত সজ, কথাত সজঃ সেয়ে কায়-মনোবাক্যে সজ হোৱা।

 শুদা সজ হ'লে নহব, কামিলাকৈ সজ হ’ব লাগিব; অসজৰ প্ৰতিৰোধ কৰিব নোৱাৰিলে সম্পূৰ্ণ সজ হোৱা নহল। মূৰ্খক তাৰ মূৰ্খালি আৰু ধূৰ্তক তাৰ ধূৰ্তালিৰ ভাষাৰে সমিধান দিব জানিব লাগিব; বুদ্ধদেৱে পুত্ৰ-মোহ-মুগ্ধা মাতৃ আৰু অসৎ সন্ধানত চলা ডেকা দলক কেনে সমিধান দিছিল! সজ গুণ দেৱদূত, পাছে জন্মান্ধ; সজ বুদ্ধিয়ে তেওঁক হাতত ধৰি নিব লাগিব। শান্তিত বিশ্বাস ৰাখিবা; পাছে ইপিনেও খাৰ-বাৰুদ শুকুৱাই থবা।

 চকুৱে বিশ্বাসে নিজক, কাণে আনক। বিশ্বাসযোগ্য নোহোৱা কথা হ'লে বিশ্বাস কৰিব পাৰি। আকৌ, কাণ দুখন, জিভা এখন; এতেকে যিমান শুনা, তাৰ