পৃষ্ঠা:শান্তি-কৱচ.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
শান্তি-কৱচ


অপমানত নাৰায়ণ সোমাই আহে, এই বাবেই নমস্কাৰত প্ৰতি নমস্কাৰ কৰা নিয়ম।

৪। ভাৱনাত তুমি ৰজা হবা নে খৰিভাৰী হবা সেইটো লেখৰ নহয়, কিন্তু যি ভাওকে লোৱা তাকে প্ৰাণৱন্ত কৰি তোলাহে কথা। কিয়নো ৰজাৰ ভাৱতকৈ খৰিভাৰীৰ ভাও লৈও তুমি ভাল ভাৱৰীয়া হ'ব পাৰা, আৰু সেইটো সুবিধাও; কিয়নো তল হাতত থকা বাবে দৰ্শকৰ তোমাৰ প্ৰতি অধিক সহানুভূতি জন্মিব। মুঠতে তুমি কিহত ধৰা সেইটোতকৈ কিহত এৰা, সেইটোহে লেখৰ কথা।

৫। প্ৰতিকূল অৱস্থা সাধাৰণতে ডাঙৰ সম্পত্তি; কিয়নো তাক জয় কৰিব পৰাতেই মানুহৰ মনুষ্যত্বৰ বিকাশ। অনুকূল বায়ুত নাও মেলি নো তোমাৰ বঠাত বাহুৰ বল দেখুৱাবা কেনেকৈ? বিনা বিষে জীৱন্ত কিবা জন্মে জানো? জগতখন ভৱিতব্যতাৰে ভৰি আছে; যিহতে তিহতে ধৰিয়েই তুমি তোমাৰ সপোন অনুসৰি তাক ৰূপ দিব পাৰা। খৰকৈ ভবা, খৰকৈ থিৰ কৰা আৰু খৰকৈ কাম কৰাই ক্ৰিয়াশীল ব্যক্তিত্ব।

 

যুদ্ধ-শান্তি

 

১।‘‘ৰণৰ মেৰত পৰা এটা ডাঙৰ জাতিয়ে যে নিজৰ চাৰি সীমা ৰক্ষা কৰিলেই হ’ল, এনে নহয়; ই নিজৰ নীতি-জ্ঞানো ৰক্ষা কৰিব লাগে। নিজ জন্মভূমিৰ পৱিত্ৰ মাটি সৈন্যই আৰু পৰিত্ৰ চিন্তা ভাবুকসকলে ৰক্ষা কৰিব; যদি এই চিত্তাক তেওঁলোকে সাময়িক ভাবাবেগৰ বহতীয়া কৰে, তেন্তে তেওঁলোকে দেশৰ প্ৰাণক বিশ্বাসঘাতকতা কৰা হয়, আৰু ইও জাতিৰ পৈত্ৰিক সম্পত্তিৰ সামান্য অংশ নহয়।” ⸺ৰোমা ৰোলা

২। “জীৱন, স্বাধীনতা, সুখ-শান্তি আদি মানুহৰ জন্মস্বত্ব; শাসিতসকলৰ সম্মতিৰ পৰা পোৱা স্বত্বৰ দ্বাৰা মানুহৰ এই স্বত্ববোৰ ৰক্ষা কৰা শাসকসকলৰ কৰ্তব্য। এই কৰ্তব্যত যেতিয়া তেওঁলোেক পৰাংমুখ হয় বা এই স্বত্ববোৰৰ যেতিয়া তেওঁলোক পৰিপন্থী হয়, তেতিয়া সেই শাসকসকল গুচোৱা বা সলনি কৰাও শাসিতসকলৰ স্বত্বৰ ভিতৰুৱা।” ⸺আমেৰিকাৰ স্বাধীনতাৰ ঘোষণা।

৩। “মানুহ জাতিৰ উন্নতি আৰু অৱনতিৰ লগত মোৰ উন্নতি আৰু অৱনতি গঁথা আছে; তাৰপৰা পুলুকা মাৰি সাৰিবৰ উপায় নাই। স্বৰূপতে মানুহ জাতিৰ ভিতৰত, মানুহ জাতিৰ পৰা, মানুহ জাতিৰ হেতুকে মই জীয়াই