পৃষ্ঠা:শতস্কন্ধ ৰাৱণবধ.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১০ )


দুই অক্ষৌহিনী সেনা ভালুক বানৰ।
পঞ্চ অক্ষৌহিনী সেনা ধানুকি নৃপবৰ॥
হনুমান বীৰ আসি আদেশে ৰামৰ।
কিনো অপমান প্ৰভু ভৈল আপোনাৰ॥
ব্ৰহ্মা বিষ্ণু মহেশ কুবেৰ যমৰায়।
কোন দিশে অপমান ধৰি আনো যায়॥
ৰামে বোলে শুনা মোৰ দুখৰ সহায়।
শতস্কন্ধে অপমান দিছে মোৰ ঠাই॥
পাছে হনুমন্তে কোপে আতাসেক দিল।
স্বৰ্গ মৰ্ত্ত্য পাতালত “খলক” লাগিল॥
সৰ্ব্ব সৈন্য যোৰাইলেক চমাহৰ পথ।
নাকলয় একোদিশ যুৰি যায় ৰথ॥
শতস্কন্ধ অসুৰৰ নগৰক পাইলা।
দ্বাৰপাল বীৰ সবে বাৰ্ত্তাক জনাইলা॥
শুনি খঙ্গে দেখি আইলা শতস্কন্ধ ৰায়।
পুনৰ্ব্বাৰ আইলি ৰাম তোৰ লাজ নাই॥
যমপুৰে যাইবি তয় সৈন্য সমন্নিতে।
এহি বুলি গদা গোট ডাঙ্গিলা ত্বৰিতে॥
সবাহাৰ উপৰত কোব এক মাৰি।
সুগ্ৰীৱ অঙ্গদ বিভীষণক সংহাৰি॥
ৰাম লক্ষ্মণ মৰি ঢলিয়া পৰিলা।
দেৱতাৰ বৰে হনুমান যে থাকিলা॥