পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
চতুৰ্থ স্কন্ধ।

শান্ত মুনি নৰ নৰায়ণ তপ কৰে।
তান সমে যুদ্ধে কৈত সুকৃত আছৰে॥
ইহেন লোকৰো যদি অহঙ্কাৰ ভৈল।
আমাসাৰ মত লোকে কিমো কাস্থা ৰৈল॥
ত্ৰিভুবণে অহঙ্কাৰ হীন কেহো নাই।
নুহি নহইল আৰু নহবে দুনাই।
লোহাৰ নিগড় বান্ধ সিয়ো মুক্তি হয়।
অহঙ্কাৰ বান্ধ দেখো মুকুতি নোহয়॥
স্থাবৰ জঙ্গম অহঙ্কাৰে বন্ধ হুই।
বিষ্ঠা মুত্ৰে কৃমি কীটে ভ্ৰমন কৰয়॥
মহন্ত সকলো কাম ক্ৰোধ নাড়াইল।
সামান্য প্ৰাণীৰ আৰু কি লেখা থাকিল॥

অথ ব্যাস দেবৰ উত্তৰ॥
পদ।

কাৰ্য্য কাৰণৰ ৰায় নাহিকে প্ৰভেদ।
সুবৰ্ণে কুণ্ডলে যেন একেই অভেদ॥
সূত্ৰে পট্ট বস্ত্ৰ যেন নিৰ্ম্মান সম্ভব।
সকলে ব্ৰহ্মাণ্ড অহঙ্কাৰতে উদ্ভব॥