পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৮
চতুৰ্থ স্কন্ধ।

কালৰ কুটিল গতি নপাৰে৷ বুজিবে।
কন্যা ৰাখি ভবিষ্যতে অনৰ্থ ঘতিবে॥
বৃদ্ধবাক্য আত্তকচু টেপুয়ো খজুৱায়।
এতেকতে ইতোবন্যা বধিবে যুৱায়॥
এতচিন্তি দুষ্টকংস কন্যাহাতে লৈল।
দুইপদ ধৰি শিলে আছাড় মাৰিল॥
হাতহস্তে অন্তৰ্দ্ধ্যান হইল বালিকা।
আকাশী বচনে তাক বুলিল কালিকা॥
দিব্যৰূপ ধৰি আকাশৰ পৰা কহে।
মোক কি বধিবি কংস তোক পাপে দহে॥
তোহোক বধিবে অল্পে অবিকৃত জন।
এতবুলি অন্তৰ্দ্ধ্যান ভৈল ততক্ষণ॥
বিস্ময় ভৈলন্ত কংস গৈল নিজালয়।
পাত্ৰ মিত্ৰ ডাকিআনি ইকথা কহয়॥
ভয়ত আতুৰ কংস ক্ৰোধে কম্পমান।
ধেনুকাবৎসক আজ্ঞা কৰিল তখন॥
মোৰকাৰ্য্য লাগি সবে শীঘ্ৰ চলিযাহ।
যৈত জাত শিশু পাবি আছাড়ি মাৰহ॥
নগৰে কাহাৰো ঘৰে শিশু নাৰহিল।
বিনাদোষে কংস চৰ সবাকে মাৰিল॥