শঙ্কৰদেৱ ধুৱাঁহাটত থাকোঁতে মণি-কাঞ্চণৰ যোগ হয়, অৰ্থাৎ
মাধদেৱৰে সৈতে তেওঁৰ মিলন হয়, আৰু মাধৱদেৱে শঙ্কৰক
গুৰু মানি তেওঁৰ শিষ্য় হয়। মাধৱদেৱেৰ বাপেকৰ নাম গোবিন্দ
গিৰী, মাকৰ নাম মনোৰমা। গোবিন্দৰ আৰু তিনটা নাম
আছিল,— দীঘৰপুৰীয়া গিৰী, বৰকণা গিৰী, আৰু লমকণা গিৰী।
গোবিন্দৰ ঘাই ঘৰ বাণ্ডুকাত। বাণ্ডুকাত তেওঁৰ অনুচিতা নামে
স্ত্ৰীৰ মৃত্য়ুৰ পিছত তেওঁৰ মনত বৈৰাগা হোৱাত পুতেক দামোদৰক
তাতে থৈ তেওঁ টেম্বুৱানিলৈ আহি ভূঞাৰ সমাজত বাস কৰিছিল
টেম্মুৱানি বৰদোৱাতে গোবিন্দে মনোৰমা নামেৰে কায়স্থ কন্যা
এটা বিয়া কৰে। সেই কন্যাৰ গৰ্ভত মাধৱৰ জন্ম হয়। মাধৱ
যেতিয়া মাকৰ গৰ্ভত পাঁচ মহীয়া, তেতিয়া ভোটৰ উপদ্ৰৱত ভূঞা
সকলে টেম্বুৱানি এৰি পলালত, বৰকণা গিৰীও স্ত্ৰীৰে সৈতে পলাই
গৈছিল। তেওঁলোকে নিজৰ বই বস্তু ৰূপ বান লৈ দোলাত উঠি
হাবিলৈ পলাই গৈছিল। হাবিত দোলাৰপৰা তেওঁলোক নামি
বৰ ভাগৰ লগাত অলপ জিৰাওঁতেই তেওঁলোকৰ দুৰ্ঘোৰ টোপনি
আহিল, আৰু সেই সুযোগতে তেওঁলোকৰ দোলাভাৰী কেইটাই
ধন বস্তু সোপাকে চুৰ কৰি লৈ পলাই গুচি গল। সিহঁতে তেওঁলোকৰ
গাৰপৰা পিন্ধা-কাপোৰ পয্য়ন্ত শোলোকাই লৈ তেওঁলোকক
উদং কৰি গৈছিল। স্বামী স্ত্ৰী দুয়ো সাৰ পাই নিজৰ এনে দুৰৱস্থা
দেখি বেজাৰত বিমৰ্ষ হৈ তাতে বহি আছিল এনেতে স্ত্ৰীৰ
বৰকৈ পিয়াহ লাগিলত, বৰকণা গিৰীয়ে পানী বিচাৰি গৈ ওচৰতে
নৈ এখন পাই তাত গা ধুই পানী খাই ঘৈণীয়েকলৈ নলৰ
চুঙাত পানী ভৰাই আনিবলৈ ধৰোঁতেই নৈয়েদি নাৱেৰে উজাই
৩