পৃষ্ঠা:লাহৰী.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫৬
লাহৰী

 ভটীয়নি পানী পাই নাৱৰীয়াই হেলাৰঙ্গে কোবাকুবিকৈ নাও বাবলৈ ধৰিলে। দুডাঁৰমান বেলি থাকোঁতেই দিখৌমুখেদি নাও বৰ-নৈ ওলালগৈ। ঘৰৰপৰা ওলাবৰ সময়ত উগুল-থুগুল লগাত কাৰো ভাত-পানী খোৱা ভাল নহল; কোমল কমলে ভোক-ভোককৈ আইতাকৰ ওচৰত কান্দিবলৈ ধৰিলে। গতিকে, সেই দিনা বহুত ভটীয়াই যোৱা নহল; বৰ-নৈ ওলায়েই লাহেকৈ সিপাৰলৈ খেও দি বৰ বালি এটাৰ কাষত নাও বন্ধ হল। সকলোৱে পাৰলৈ উঠি দিহাদিহি ভাত খোৱাৰ কাৰবাৰ কৰিবলৈ ধৰিলে। কমলে নৈৰ তেনেকুৱা ফট্‌ফটীয়া বালি আগেয়ে কেতিয়াও দেখা নাছিল। লগুৱা লগত দি, দেউতাকে আগত থাকি সদায় দিখৌ নৈৰ পানীত সাঁতৰিবলৈ শিকাইছিল বুলিও, বৰ-নৈৰ বাহিৰে এনে বালি কত দেখা পাব? আজি বৰ-নৈৰ বালি পাই কমলৰ আনন্দৰ সীমা নাথাকিল। পাৰলৈ উঠা মাত্ৰকে কমলে জঁপিয়াবলৈ ধৰিলে। যিমানেই হওক, তেও লৰা; ঘৰৰপৰা ওলাওঁতে ওচৰ-চুবুৰীয়া সকলোকে কান্দিব দেখি কান্দিছিল হয়, কিন্তু বৰনৈৰ বালিত নমা মাত্ৰকে কমলে সকলো পাহৰিলে। আন কি, বাটতে লগা ভোকো কেনিবা গল! ভাত খাবলৈ বিচাৰক ছাৰি মাকে মাতিও নোপোৱা হে হল। সন্ধিয়া লাগোঁ-লাগোঁতেই সকলোৰে খোৱা-লোৱা শেষ হল; আকৌ সকলোটি নাৱত উঠিলগৈ। অলপ পৰ জিৰাই-শঁতাই ৰাতি এডাঁৰমান হওঁতেই, আকৌ নাও মেলি দিয়া হল। তাৰ পাচত, দিনে-ৰাতিয়ে নাও মাৰি, নাৱৰীয়াই দুদিনতে চাৰি দিনৰ সমানে নাও ভটীয়ালে; গুৱাহাটীলৈ আৰু দুদিনমান হে থাকিলগৈ। তৃতীয় দিন তিনি ডাঁৰমান বেলি থাকোঁতেই,আবেলিতে গোহাঞি-বৰুৱাই নাও বন্ধাই ভাত-পানী খোৱাৰ দিহা কৰালে। আজি কিন্তু বালি দেখি কমলৰ মনত আন দিনাৰ দৰে ৰং নালাগিল; আজি হঠাতে তেওঁৰ মনটি কেনেবা লগাত আমন্‌জিমন্‌কৈ কমল আইতাকৰ ওচৰতে বহি থাকিল।