(ৰাজখোৱাৰ প্ৰৱেশ)
ৰাজখোৱা।—ডাঙৰীয়া! শত্ৰু আহি আন্ধাৰু বালিৰ পোন্ পালেহি, এতিয়াও ক্ষণ মিলা নাই! কি কৰা যায় এতিয়া?
লাচিত।—সৰ্ব্বনাশ। (একেচিপে উঠি বহি) যোৱাঁ, যোৱাঁ, তুৰন্তে এখন মাৰ বান্ধিবলৈ দিয়াঁগৈ। মোক এই চালপীৰাই সৈতে লাঙ্গি নিবলৈ মানুহ লৈ আহাঁগৈ।
ৰাজখোৱা।— ভাল, ডাঙৰীয়া!
(ৰাজখোৱাৰ প্ৰস্থান।
পিজলা।— (আতুৰ হৈ) এই মহাসঙ্কতত ৰক্ষা কৰাঁ প্ৰভো!
লাচিত।— (উচাতন) ক’তা, ক'তা, আহিল নে? নে, মোক নে।
পিজলা।—(চকু-লো টুকি) কলৈ নিব লাগে আপোনাক দেউতা?
লাচিত।—ৰণলৈ। ৰণৰ কেন্দ্ৰলৈ। মোগলৰ মাজলৈ।
পিজলা।—এই নৰীয়া গাৰে ৰণত আপুনি কি কৰিবগৈ দেউতা? নালাগে যাব। উত্ৰাৱল নহব দেউতা! গন্ধৰ্ব্ব কোৱঁৰে এইবাৰ এটা সু-দিহা লগাবগৈ; অপুনি নিশ্চিন্ত হওক, দেউতা!
লাচিত।—ঔ,নকবি,নকবি, আই, নকবি। মই নগলে আজি এই ছেগতে মোগলে গুৱাহাটী লবহি।
পিজলা।—নৰীয়া গাৰে গৈ আপুনি নো কেনেকৈ ৰাখিব? নালাগে যাব দেউতা!
লাচিত।—ৰাখিব নোৱাৰোঁ যদি, প্ৰাণকে দিমগৈ; ৰণতে নিজেই ধৰা দিমগৈ। কিন্তু, গুৱাহাটী এৰি দি, মই জীয়াই নাথাকোঁ; থকাৰপৰা গৌৰৱ নাই, গৰিহণা আছে। ক'তা, ক'তা, ইমান পৰেও নাহিল! মোক নিনিলেহি!—নিনিলেহি! (মূছ্কঁছ্, যায়।)
(মানুহ লৈ ৰাজখোৱা আৰু গন্ধৰ্ব্বৰ পুনঃ প্ৰৱেশ। চালপীৰাই সৈতে লাচিতক উলিয়াই নিয়ে; চকু-লো টুকি টুকি পিজলা পিচে পিচে যায়।)
⸻০⸻