ৰঘুনাথ।—নিশ্চয়, তাকে নকৰিলে আমাৰ পক্ষে উঙ্গই আগ বঢ়াটোৱেই সম্ভৱপৰ নহব। লাচিত বৰফুকনৰ দিহা সামান্য বিধৰ নহয়।
নচৰৎ।—তেওঁ নিজে কিন্তু এইবাৰ নিজৰ দিহাৰ ওপৰত চকু ৰাখিব নোৱাৰিব। শুনিলোঁ, কালিৰপৰা বোলে তেওঁৰ তীৰকঁপে জ্বৰ উঠিছে।
অজিত।—কি! লাচিত ফুকনৰ জ্বৰ! তেনেহলে আজি আহোমৰ আগত বিধি-পথালি! এয়ে কিন্তু উদ্দেশ্য সাধিবৰো আচল ছেগ। দেখা যাওক, কোনে কি কৰিব পাৰে। লাচিতৰ কিন্তু দেহা দু্ৰ্ব্বল হলেও, বুদ্ধিৰ বিভ্ৰম নঘটে।
চৰিপ্।—ঠিক কৈছাঁ, এই হে আচল ছেগ। শীঘ্ৰে যাত্ৰা কৰিবৰ দিহা কৰা যাওক।
ৰঘুনাথ।—মোৰ বোধেৰে আমি আটাইকেইওজনে একে সময়তে সসৈন্যে শত্ৰুক বেৰি ধৰিবগৈ লাগে।
নচৰৎ।—ঠিক কথা। লাচিতৰ অনুপস্থিতত এই কাৰ্য্য়লৈ সুবিধা হৈছে।
অজিত।— মোৰ বোধেৰে হলে, ঠিক হোৱা নাই। আটাইকেইওজন একেবাৰে আগবাঢ়ি উজাবৰ প্ৰয়োজন কি? তেনে কৰিলে ইফালে শিবিৰ উদং হয়। লাগ বুলিলে পাচত যোগান দিব কোনে?
চৰিপ্।—হওঁতে হয়। পাচত যোগান দিবলৈকো থাকিব লাগে।
অজিত।—আৰু চাবলগীয়া যে, অকল পানীয়েদি হে উজাব লগীয়া হৈছে যেতিয়া, নিজৰ মানুহেৰেই বাট জুৰি গলে সময়ত নিজৰ গা ঘূৰাবলৈকে টান পৰিবু; সেই কাৰণে, মোৰ বোধেৰে আটাইকেইওজন আগ বাঢ়িব নালাগে; অন্ততঃ, বৰসেনাপতি গুৰি-ধৰা হৈ শিবিৰত থকা হে যুগুত।
ৰামসিংহ।—অজিত মানুহটো ডেকা, কিন্তু তাৰ বুদ্ধিটো হলে বুঢ়া। তাৰ কথাখিনি বৰ সাৰুৱা, দলিয়াই পেলাব লগীয়া নহয়।
চৰিপ্।—মোৰ মনতো অজিতৰ প্ৰস্তাব সাৰুৱা যেন লাগিছে; সেইমতে
কাম হোৱা হে উচিত বিবেচনা কৰোঁ।