লাচিত।—বাৰু, হৈছে এতিয়া; ভাবিব নালাগে। এতিয়া নিজ নিজ বহালৈ যোৱাঁগৈহঁক। যথাসময়ত যাৰ যি কৰ্ত্তব্য় কৰি থাকিবাহঁক। মনত ৰাখিবাহঁক, 'অসমে প্ৰতি অসমীয়াৰপৰা কৰ্ত্তব্য বিচাৰে।'
(সকলোৰে প্ৰস্থান)
পানী ফুকন।—ডাঙৰীয়াৰ আদেশ শিৰোধাৰ্য্য। নিজ কৰ্ত্তব্যত নিশ্চয় মতি ৰাখিম। কিন্তু, শত্ৰু সেনাপতিৰ পত্ৰৰ মৰ্ম্মলৈ মনত পৰিলে গা জ্বলি আহে! মোগল সেনাপতিৰ এই অযথা দানৰ প্ৰতিদান কাহানিকৈ দিব পাৰোঁ। তাৰ নিমিত্তে আজিৰপৰা ক্ষণ গণনা হাতত ললোঁ। এই প্ৰতিদান নিদিওঁমানে নিশ্চিন্ত নহওঁ। দেখোঁ, ৰামসিংহই কিমানপৰ ঠাৱৰিৱ পাৰে।
চতুৰ্থ গৰ্ভাঙ্ক।
আগীয়াঠুঁটি—তামীঘৰা শিবিৰ।
(অজিত আৰু ৰামসিংহ।)
অজিত।—অসম-ৰাজৰ আহোম সেনাপতিৰ ব্যৱহাৰ বৰ ভাল পালোঁ। আৰু, আহিবৰ সময়ত মোৰ আগত হজুৰলৈ চেলাম দি পঠাইছে।
ৰামসিংহ।—হব তো, এজন সেনাপতিয়ে আন এজন সেনাপতিৰ প্ৰতি যথাবিহিত সম্মান দেখুৱাবই লাগে। এই ৰণ-নীতি সভ্য জাতিৰ লক্ষণ।
অজিত।—নহয়, মই আকৌ অসমদেশৰ কথা আমাৰ দেশত যেনে বুলি শুনিছিলোঁ, তেনে ভাবি হে গৈছিলোঁ। অসমীয়া মানুহ বোলে হেনো জংঘলী, অসভ্য। মই হলে বিপৰীত হে দেখিলোঁ।
ৰামসিংহ।—জংঘলী হয়; কিন্তু জংঘলী হলেই যে অসভ্য় হব, সেইটো
নহয়। এই জংঘলতে বশিষ্ঠ মুনিৰো আশ্ৰম আছিল।
৭৩