৩। অঙ্ক।
প্ৰথম গৰ্ভাংক।
দিল্লী,—পাটচাৰ চৰা।
(আওৰেংজেব, ঘাই উজিৰ, কটকী, ৰামসিংহ, নচৰৎখাঁ, ৰঘুনাথসিংহ)
কটকী।-জাহাপনা! অসমৰ খবৰ অতি বিষম! আহোম ৰজা চক্ৰধ্বজ সিংহই তেওঁৰ পূৰ্ব্ববৰ্ত্তী ৰজা জয়ধ্বজ সিংহৰ সন্ধি অগ্ৰাহ্য কৰিছে।
আওৰেংজেব।-কি! ইমান আস্পৰ্দ্ধা! (ফিকি উঠি) সামান্য জংঘলী নগণ্য অসম ৰাজ্যৰ গৰাকী আহোম ৰজাৰ ইমান সাহ,-স্বয়ং দিল্লীশ্বৰৰ দ্বাৰা গৃহীত সন্ধি-সূত্ৰ ছিঙ্গিবলৈ সি আগ বাঢ়ে।
কটকী।-অকল সিমানেই নহয়, জাহাপনা! আহোম ৰজা চক্ৰধ্বজে পূৰ্ব্বৰাজৰ অঙ্গীকৃত চই-পেচকচ্ৰ বাকী অংশ শোধাবলৈ অস্বীকাৰ কৰিছে।
আওৰেংজেব।-ওঁ, ইমান পালেগৈ নে! (শিয়ঁৰি উঠে)।
কটকী।-সিমানেও হোৱা নাই, জাহাপনা! অসমৰ ৰজাই দিল্লীশ্বৰৰ বিৰুদ্ধে ৰণ ঘোষণা কৰিছে।
আওৰেংজেব।-কি! সঁচাকৈয়ে নে? ( সিংহাসন এৰি উঠি আহে।) সামান্য পতঙ্গ হৈ জুইত জাহ যাবলৈ ওলাইছে? মোগল পৰাক্ৰমৰ কথা অসমীয়াই জনা নাই হবলা?
কটকী।-অকল সেয়ে নহয়, জাহাপনা! আহোম ৰজাই ইতিমধ্যতে কেইবাখনো ৰণত জিকিছেও।
আওৰেংজেব।-কি কোৱাঁ?-অসম্ভৱ। এইবিলাক নিশ্চয় অমূলক
জনৰৱ। যি অসম ৰজাই সিদিনা মিৰজুম্লাৰ আক্ৰমণ সহিব নোৱাৰি ৰাজধানী
এৰি পলাই পৰ্ব্বত উঠিছিলগৈ, সেই অসম ৰজাই আজি আকৌ ৰণত জিকে।
অসম্ভৱ কথা।