ৰুগীয়া।—(আনন্দত বিহ্বল হৈ) উ-ঐ, মোৰ বিধতা! ভগৱন্তে তোমাক জয়-জয় কৰক, মোৰ দৌতা। ভাল তৰালাঁ আজি মোক ঈম্পৰ!
চক্ৰধ্বজ।—বাৰু, হৈছে, থ। সি কেইটা কোন্? কলৈ গৈছে সিহঁত?
ৰুগীয়া।—সিহঁতো মোৰে নিচিনা দুৰ্ভগীয়া। আকালত হাহাকাৰ কৰি ফুৰিছে। খুদ-কণ এটা পাওঁ বুলি গৈছেগৈ সৌৱা মাগিবলৈ।
চক্ৰধ্বজ।—বাৰু, যা এতিয়া। সেই টকাটোৰে তোৰ কেইদিন যাব?
ৰুগীয়া।—তেহেলৈ যি হওক দৌতা, দুদিনমানলৈ তেও ৰইখা পৰিলো। আধাপেটীয়াকৈ আৰু এসঁজীয়া হৈ চলিম। ভাল, আহোঁ হে এতিয়া। সেৱা হে দৌতা? (প্ৰস্থান)
চক্ৰধ্বজ।—(ক্ষন্তেক টলকামাৰি ৰৈ) হাঁয়, মোৰ প্ৰজাৰ বিপত্তিৰ আৰু সীমা নেহোৱাত পৰিল! আকালত ৰাজ্যজুৰি হাহাকাৰ! কিন্তু সিফালে মোগলে চই পেচ্কচ্, চুঁচিবই লাগিছে! উঃ, উঃ, উঃ, ইমানতো আমি কাপুৰুষৰ দৰে সহি আছোঁ! বাৰু, দেখোঁ, কি কৰিব পৰা যায়। (প্ৰস্থান)
⸻×⸻
দ্বিতীয় গৰ্ভাঙ্ক।
⸻×⸻
দিল্লী,⸺পাটচাহৰ অন্দৰমহল।
ৰমণী গাভৰু (অকলে )।
বিৰহ-গীত।
কানাড়া মিশ্ৰ-একতালা।
লেখি আকাশৰ ছবি, ভাবোঁ বহি বহি,
প্ৰাণ-সখী মোৰ গল এৰি।
আমন-জিমন, জোনাই বয়ণ,
দেখি মোৰ মন যায় উৰি ॥