এ, আৰ, পি। বৰচাহাবৰ বঙলালৈ? (লভিতালৈ চকু পৰিলত) অ’ এইজনী তোমাৰ ছোৱালী নেকি? কি হ’ল তোমাৰ ছোৱালী? কৰবাত মিলিটেৰীয়ে দিগ্দাৰ কৰিছিলে নেকি?
ইলাহী। (খোকোজা লাগি) অ’ অ’...নাই। (এজনী নাৰ্ছ—লভিতাৰ ওচৰলৈ গৈ চাই থাকে।)
এ, আৰ, পি! বৰ চাহাবৰ তালৈ কিয় যাবা?
ইলাহী। হজুৰ! এই ছোৱালীজনীৰ কেও কিছু নাই। কিবা এটা উপায়—?
এ, আৰ, পি। কি তোমাৰ ছোৱালী নহয়? তুমি নাৰ্ছ কাম কৰিবানে? তিনিকুৰিকৈ দৰমহা পাবা।
ইলাহী। তিনিকুৰি দৰমহা! কৰিব কৰিব...মাই মাই! তোৰ কপাল ভাল তোৰ—।
এ আৰ, পি। ৰবা ৰবা, ছোৱালীয়ে কি কয়? নাৰ্ছ মানে বুজিছানে?
লভিতা। বুজিছো, বেমাৰী চাব লাগিব।
এ, আৰ, পি। অ’ হয়। পিছে নাৰ্ছ হৈ যাব লাগিব যুদ্ধৰ হাস্পাতাললৈ। গুলী খাই মৰাৰ ভয় আছে হলে।
লভিতা। মৰিলে মইহে মৰিমনে? আন আন নাৰ্ছো মৰিব নহয়।
এ, আৰ, পি। (হাঁহি) অ’ তোমাৰ বৰ সাহ। তুমি তেন্তে মৰিবলৈ ভয় নকৰা।
লভিতা। (হাঁহি মূৰ জোকাৰে।)