ইলাহী। নাকান্দিবি মাই, নাকান্দিবি। আহ, আহ, গাখীৰটোপা খাই লহি। কি হব মাই কান্দিলে। আহ।
এই বুলি লভিতাক মৰম কৰি ভিতৰলৈ লৈ যায়গৈ। গোলাপ বেজাৰ মনেৰে গৈ মুঢ়াত বহে। উৰাজাহাজৰ শব্দ হয়, আকৌ কিছুপৰৰ পিছত নাইকিয়া হয়। ইলাহী বুঢ়া ওলাই আহে।
ইলাহী। এৰা বাপাই, ছোৱালীজনীৰ কিবা এটা দিহা লগাব লাগিল নহয়। মোৰ ইয়াত আৰু ভাত-পানী নাখাই কেইদিন থাকিব? তুমিয়েই বুজাই-বঢ়াই এঠাইত গত লগাই থোৱা।
গোলাপ। মইতো সকলো কথা ভাবিচিন্তিয়েই, দেশ-কালৰ কথা দেখিয়েই মৌজাদাৰৰ ঘৰত থৈছিলো। পিছে নিজেই তাৰ পৰা আহিছে।
ইলাহী। (কিছু আচৰিত হৈ) কি
গোলাপ। এৰা।
ইলাহী। কেলেই তোমালোকৰ গাঁৱতে দেখোন কাৰবাৰ ঘৰত থাকিব পাৰে। তোমাৰ ঘৰতো-?
গোলাপ। (তলকা মাৰি থাকি কি কওঁ কি ন কওঁকৈ থাকে।)
লভিতা। ইলাহী ককা! তুমি বুজা নাই। (কাঠ হাঁহি মাৰি।) মই—মই হিন্দু মানুহৰ ছোৱালী। মোক এইবোৰ বঙালে-কঙালে হাতত ধৰিলে। মই তোমাৰ ঘৰত, মছলমানৰ