পুঃ এ, এচ, আই। এই কুকুৰ-পোৱালীহঁত! এই কাহে! এই লেৰকীকো ছোড় দেও। (এই বুলি পুলিচ এ, এফ, আই জাপ মাৰি সিহঁতৰ মাজত পৰে আৰু দবৰা-দবৰি কৰিবলৈ ধৰে। এনেতে লভিতাই উফাল মাৰি সিহঁতৰ হাতৰ পৰা এৰাই দূৰলৈ লৰ মাৰে আৰু ইফালে পুলিচ এ; এচ, আইৰ সৈতে মিলিটেৰী কেটাৰ দবৰা দবৰি লাগে।
২নং মিলিটেৰী। (হঠাৎ থিৰ হৈ) আৰে তুম কৈছে আদ্মি হো? তুম ভি বৃটিছ কী পুলিচ হো, অব হাম্ভি বৃটিছ কো চিপাহী। থোৰা থোৰা ছোৱালীকো সাথ ফুৰ্ত্তি কৰেগা । আৰে তুমকো তো মদৎ কৰনী চাহিয়ে।
পুঃ এ, আই। মদৎ! মদৎ! কুত্তেলোগ মদৎ! হা হাম পুলিচ হায়। জানানাকো অত্যাচাৰছে তুমালোগকো হামৰাঁ বহন বছানেকেলিয়ে পুলিচ হুয়া হ্যায়। হা হা বৃটিছ্ কা পোছাক পহনকে পুলিচ হুয়া হ্যায়। লেকিন জনানাকো জুলুম কৰনেক লিয়ে নহী। আদমিয়োঁকো অপনা খুন দে কৰ, অপনা জান দে কৰ বচানেকেলিয়ে। হাৰামজাদা। বেইমানলোগ !
এইবুলি খঙত কঁপি কঁপি ককালৰ পৰা ৰুল মাৰি উলিয়াই তিনিওটা মিলিটেৰীক উৰাই-ঘূৰাই মাৰিবলৈ ধৰে আৰু মুখেৰে চিঞঁৰি কয় ৷
পুঃ এ, এচ, আই। কুকুৰহঁত! পুলিচে তহঁতক নাৰী ধৰ্ষণ কৰিবলৈ মদৎ দিব লাগে। পাপিষ্ঠ নৰাধম! (তেতিয়া মিলিটেৰী কেইটাইও, এচ আই জনক ঘোচা মৰিবলৈ খেদি যায়।