এম, পিঃ হেই হেই —–
এম, পিঃ ৰাইট এবাউট টাৰ্ণ।
এম,পি৷ কুইক্ মাৰ্চ।
নিগ্ৰোকেইটাই কুইক্ মাৰ্চ কৰি ষ্টেজৰ পৰা ওলাই যায় আৰু এম, পি, দুটা সিহঁতৰ পাছে পাছে গুচি যায়। এনেতে টালি-টোপোলা বান্ধি মুনিহ-তিৰোতা এজাক সেই ফালেদি যায়। মানুহকেইটাৰ মুখত বেজাৰৰ ভাৱ। তিৰোতা মানুহকেইজনীয়ে ফেঁকুৰি ফেঁকুৰি কান্দি যায়। দূৰৈত এটা মানুহে ঢোল কোবাই অহা শুনা যায়। পিছত ঢোল পিটা মানুহটোৱে ষ্টেজৰ ভিতৰ সোমাই চিঞঁৰি চিঞঁৰি ক’বলৈ ধৰে,-
ঢোলপিটা মানুহ৷ চৰকাৰৰ হুকুম! চৰকাৰৰ হুকুম!! আজিৰ পুৱাৰ পৰা ২০ ঘণ্টাৰ ভিতৰত “লহৰ-জান উৰা-জাহাজৰ ঘাটিৰ” ৫ মাইলৰ ভিতৰৰ গাঁও ফুলগুৰি, ভেলেঙিচুক, দাধৰা, চেঁচনি, হোলোংগুৰি, বৰহাবি, ডাংধৰা, হুদুমৰা, কেহেৰুখন্দা আৰু চক্চকি গাঁৱৰ মানুহে গাঁও খাৰিজ কৰি যাব লাগিব। যি নাযাব তাক মিলিটেৰী চিপাহী লগোৱাই খেদোৱা হ’ব। আৰু মিলিটেৰী আইনমতে শাস্তি দিয়া হ’ব। চৰকাৰৰ হুকুম, চৰকাৰৰ হুকুম। (ঢোল পিটে।)