দাৰোগাই অলপ পৰ কি কৰো কি নকৰো কৰি থাকি দাঁত-মূৰ কৰচি ককালৰ পৰা পিস্তল উলিয়াই লভিতাৰ বুকুৰ আগত ধৰি চিঞৰি কয়— “চুপ থাক, চুপ থাক, নহলে পিস্তলৰ গুলীৰে কলিজা উৰুৱাই দিম।
লভিতা। (দাঁত কামুৰি) চুপ নাথাকো, নাথাকো, নাথাকো। জানি গোলামৰ গোলাম! আজিকালিৰ ছোৱালীয়ে পিষ্টল, বন্দুক, বৰতোপ, বোমা একোলকে ভয় নকৰে। পিষ্টল দেখুৱাই আজিৰ ছোৱালীক ভয় দেখুৱাবলৈ আহিছ?
এই বুলি দাৰোগাৰ হাতৰ পৰা পিষ্টলটো থাপ মাৰি লৈ অলপ পাছ
হুঁহকি দৰোগাৰ বুকুৰ ওপৰত ধৰে।
মই গান্ধীৰ বহীত নাম লিখোৱা নাই জানিবি বাপেৰে—
এনেতে বাহিৰত মটৰ শব্দ হয়, ইলেকট্ৰিক হৰ্ণ বাজে আৰু লগে লগে আৰ্ম্মী পুলিচ কেইটামান লগত লৈ পুলিচ চাহাব সোমাই আহে আৰু কাণ্ড দেখি আচৰিত হয়।
পুলিচ চাহাব। কি হৈছে?
লভিতা। (পিষ্টলটো পুলিচ চাহাবৰ হাতত দিয়ে। পুলিচ চাহাবে
একো নকই আচৰিত হওঁ। হাত পাতি পিষ্টলটো লয় আৰু
লভিতাৰ ফালে চাই থাকে।
আপোনালোকে এই মানুহবোৰৰ হাতত পিষ্টলবোৰ
১৭