এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সোণ (দুষ্টালিৰে)। কাৰ ডাঢ়ি খুৰুৱা খুৰ বাইটী?
.. এ এ গোলাপ ককাইদেউৰ?
(লভিতাই চকু ঘোপা কৰি সিহঁতৰ ফালে খেদা মাৰি যায। আটাইকেইজনীয়ে খিক্ খিক্কৈ হাঁহি অলপ আঁতৰলৈ যায়।)
হীৰা। (অলপ আঁতৰৰ পৰা এটা ধেমেলীয়া গীত গায়।)
-গীত-
বাইদেউ বাইদেউ
ৰজাৰ জী আইদেউ!
দোলাখন আনি দে যাওঁ,
বাইদেউৰ দৰাটো ফেৰেকাঠেঙীয়া
ধিনিকি ধিন্দাও দাও।
(হাঁহে।)
(লভিতাই হাঁহি বহেহি।)
সোণ। (দুষ্টালিৰ হাঁহিৰে আন কেইজনীক চকু পিৰিকায়)
পি.. .পি-পিছে বাইদেউ। আজি আমি আহোঁতে বাটত মিলিটেৰী পোছাক পিন্ধি গোলাপ ককাইদেউক অহা দেখিছিলো নহয়। লভিতা। দেখিছিলি! (গহীন হৈ) দেখিছিলি যদি দেখিছিলি। পিছে মই কি কৰিব লাগে?
সোণ। পিছে হাতত কিবা বোলেনে...কিবা ৰঙা তেল এবটল দেখিছিলো। আমাৰ বাইদেউলৈকে আনিছে হবলা?
৪