পৃষ্ঠা:মৰমিয়াল পৰীজনী.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কজলাৰ অজলা বুধি

 এখন নদী আছিল। তাত ভকুৱা মাছ এজনীয়ে পোৱালিহঁতক লৈ সুখেৰে আছিল। সেই নদীত অনেক মাছ-কাছও আছিল। পোৱালিহঁত তেনেই এধানি, সেয়ে তাই লগে লগে লৈ ফুৰে। লগ এৰে বুলি ধুনীয়া ধুনীয়া সাধুবোৰ কয়। সিহঁতে শুনি বৰ ভাল পায়। এদিন সিহঁতক হাতীৰ সাধু এটা ক’লে। ‘হাতীৰ পেটটো যে ইমান ডাঙৰ’ কৈ কৈ সিহঁতক বৰ হঁহুৱালে। ক’লে– “তাৰ পেটতে ছাগৈ পুখুৰী এটা সোমাই আছে।” দুদিন মানৰ পিছত হাতী এজনী নদীত পানী খাবলৈ আহিল। তাকে দেখি পোৱালি মখাক হাতীজনী দেখুৱালে। আৰু ক’লে– “ওচৰলৈ নেযাবি গোটে গোটে গিলি থ’ব। পোৱালি জাকৰ মাজত কজলা নামৰ সিয়ান্ পোৱালি এটা আছিল। সি ভাবিলে–