পৃষ্ঠা:মৰমিয়াল পৰীজনী.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
মৰমিয়াল পৰী জনী


মন গ’ল। মাকে ক’লে– “বোপাই, লগুৱাৰ ল’ৰা এটাক সদাগৰে লগত নিনিয়ে।” মনকোঁৱৰে হ’লে মনতে ভাবিলে সি যেনেতেনে যাবই।

 সি এটা বুধি কৰিলে। যিখন গাড়ীত কাপোৰ-কানি লোৱা হ’ল সি তাতে লুকাই গ’ল৷ সময়ত গৈ গাড়ী চহৰ পালেগৈ৷ সকলো গাড়ীৰ পৰা নামিল। মনকোঁৱৰ সাউত কৰে নামি আঁতৰি আহিল। উভটি যাওঁতেও সি তেনেকৈয়ে যাব বুলি ভাবি থ’লে।

 মনকোঁৱৰৰ চকু কপালত উঠিল৷ ইমান ডাঙৰ মেলা। মানুহেই মানুহ। চাহৰ দোকান, মিঠাইৰ দোকান, কাপোৰৰ দোকান, মণি খাৰুৰ দোকান, পুতলাৰ দোকান, ৰঙ-বিৰঙৰ ছবি। তাতে নাচ-গান, বান্দৰ খেলা, ভালুক খেলা। ক’তনো ৰং তামাচা!! মনকোঁৱৰে ঘূৰি পকি চাবলৈ ধৰিলে। গৈ গৈ সি কোনোবা খিনি পালেগৈ। সি ততকে ধৰিব নোৱাৰিলে।

 লাহে লাহে গধূলি হৈ আহিল। ৰঙ- বিৰঙৰ চাকিবোৰ জ্বলি উঠিল। মানুহ, বাট-পথ একো চিনিব নোৱাৰা হ’ল। মনকোঁৱৰে সদাগৰৰ ঘৰৰ মানুহবোৰ বিচাৰিবলৈ ধৰিলে৷ পিছে কাকো নেপালে।

 নিশা বেছি হৈ আহিল। মানুহবোৰ ঘৰা ঘৰি গ’ল। বজাৰবোৰো সামৰিবলৈ ধৰিলে। থকা মানুহবোৰে খাই বৈ তম্বুৰ তলত শুই পৰিল। মেলা-থলি উদং হৈ পৰিল। মনকোঁৱৰ বাট হেৰুৱাই কোনোবাফালে আগবাঢ়িল। গৈ গৈ সি ঘৰ এটা দেখা পালে। মনতে সি ভাবিলে নিশাটো ইয়াতে শুই কটাও, পুৱা পোহৰত বাট বিচাৰি ল’ব পাৰিম। সি ঘৰৰ বাৰান্দাত উঠিলগৈ। জোনাকৰ পোহৰতে চাৰিওফালে চাই কাকো নেদেখি লাহেকৈ ভিতৰ সোমাল। ঘৰটোত সি কাকে৷ নেদেখিলে। কোনোমতে সি মজিয়াতে ঠাই অকণ উলিয়াই শুই পৰিল। ভাগৰত সি ততালিকে টোপনি গ’ল।

 শেষ নিশা কাৰোবাৰ মাত শুনি মনকোঁৱৰে সাৰ পালে। সি দেখিলে তিনিখন মুখ। টেলেক৷ চকুৰে তালৈ চাই আছে। সিহঁতে সুধিলে– “কোন তই?”

 মনকোঁৱৰে সুধিলে– “তোমালোক কোন?

 মুখকেইখনে ক’লে----“আমি ভূত।”

 মনকোঁৱৰে হাঁহিবলৈ ধৰিলে। মুখকেইখনে ক’লে– “তোৰ ভয় লগা নাই?”