পৃষ্ঠা:মৰমিয়াল পৰীজনী.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
মৰমিয়াল পৰী জনী


 এবাৰ চৰাই এজাকে কণী পাৰিবলৈ বাহ সাজিবলৈ খেৰকুটা গোটাবলৈ ধৰিলে। তাতে থকা কাউৰী এহালেও ৰঙ মনে বাহ সাজিবলৈ ল’লে৷ সিহঁতে পিছে খেৰকুটাৰ লগতে বাহটো মজবুত কৰিবলৈ পেলনীয়া তাঁৰ, তাম, ৰচি এসোপামানো গোটালে।

 সময়ত মাইকী চৰাইবোৰে কণী পাৰি উমনিত বহিল। মতাবোৰে পোক-পৰুৱা বিচাৰি আনি সিহঁতক খুৱায়হি। কাউৰীজনীয়ে চাৰিটা কণী পাৰিলে। কণীকেইটা বুকুত লৈ উমনিত বহিল। তাই যে ক’ত সপোন দেখে! পোৱালি হাঁক ডাঙৰ কৰিব, উৰিবলৈ শিকাব, কথা ক’বলৈ শিকাব। বহি বহি পিঠিখন টন্‌টনালে তাই এঙামুৰি এটা দি সাউত কৰি পাক এটা মাৰি আহেগৈ।

 দিনবোৰ যাবলৈ ধৰিলে। এদিন কণী ফুটি পোৱালিবোৰ ওলাল। কাউৰী জনীৰো পোৱালি ওলাল। তাই ৰঙতে চিঞৰি সকলোকে কথাটো জনালে৷ খুৱাই-বুৱাই সিহঁতক ডাঙৰ কৰিবলৈ তাই উঠি পৰি লাগিল। চাওঁতে চাওঁতে সিহঁতৰ পাখি গজিল। অলপ তজ্‌বজীয়াও হ’ল। কাউৰীজনীয়ে সিহঁতক কেনেকৈ উৰিব লাগে শিকাবলৈ ধৰিলে। তেনেতে এটা ঘটনা ঘটিল। কাউৰীজনীয়ে এদিন পোৱালিহঁতক ক’লে–“ আহ তহঁত, আমি উৰি গৈ সৌ তলত পৰোগৈ। তাৰ পৰা আকৌ উৰি ওপৰলৈ উঠিম। তহঁতে পাখি দুখন মেলি মোৰ পিছে পিছে আহ।”

 পোৱালি কেইটা ওলাই আহিল। পিছে মাকৰ পিছে পিছে নগৈ-উৰা মাৰি ওচৰৰ সোণাৰু জোপাৰ ডালত পৰিলগৈ। তাকে দেখি কাউৰীজনীয়ে বোলে—“তহঁত দেখোন শেনৰ এজাত। দুদিনতে ভালকৈ উৰিবলৈ শিকিলি।” তাই উৰি গৈ সিহঁতৰ ওচৰ পালেগৈ। তাকে দেখি ক’ৰবাৰ পৰা কুলি চৰাইজনী আহি ফেঁপেৰি পাতি ধৰিলেহি–

 –“ভালকৈ চা, এইকেইটা মোৰ পোৱালিহে। ছল চাই মই তোৰ কণী কেইটা পেলাই মোৰ কেইটা থৈ আহিছিলোঁ।”

 কাউৰীজনীয়ে মানি নল'লে, তাই ঘূৰি পকি পোৱালি কেইটা চাবলৈ ধৰিলে। পিছত তাই বুজি উঠিল সেই কেইটা তাইৰ পোৱালি নহয়। তাই হুৰাওৰাৱে কান্দিবলৈ