পৃষ্ঠা:মৰমিয়াল পৰীজনী.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
মৰমিয়াল পৰী জনী

ভেকুলীটোৰ লগত কুকুৰ পোৱালিটোৰ ভাল চিনাকি। মাজে মাজে দুয়োটাই খেলে। সি গৈ কুকুৰ পোৱালিটোক সকলো ক’লে। তাৰ পিছত বুদ্ধি এটা দি ক’লে “তই মাৰক আঁতৰ কৰি থ৷ মই কাছটোক পলুৱাই লৈ যাওঁ।

 কুকুৰ পোৱালিটোৱে তাকে কৰিলে। ভেকুলীটোৱে কাছটোক লৈ গাঁৱৰ ফালে বেগায় খোজ ল’লে।

 সিহঁত গৈ মানুহ এঘৰৰ পুখুৰী এটা পাই তাতে লুকাই থাকিল।

 নিশা বুঢ়ী আহি কাছটো নেদেখি খঙত চিঞৰিবলৈ ধৰিলে। ভেকুলীটো নেদেখি এয়া যে ভেকুলীটোৰে কাম ভালকৈ বুজি পালে। বুঢ়ীয়ে গুজৰি গুমৰি ক’বলৈ ধৰিলে–

 —“ভেকুলী, তই ক’ত সাৰিবি? তোক পালে মই তোকে সিজাই খাম।”

 কথাবোৰ কুকুৰ পোৱালিটোৱে শুনি আছিল। সি গৈ ভেকুলী আৰু কাছক ক’লেগৈ। ভেকুলীয়ে ভয় খাই নিশাতে গৈ কোনোবা খিনি পালেগৈ।

 কেনেবাকৈ বুঢ়ীয়ে বিচাৰি পায় বুলি পেটত ভয়টো সোমাই থাকিল। জাৰৰ দিনত আৰু ভেকুলী বাহিৰলৈ নোলোৱা হ’ল। ক’ৰবাৰ চুকত নহ’লে শিলৰ চেপত সোমাই থাকিবলৈ ল’লে। যেতিয়া গৰমকালি পৰে তেতিয়াহে ওলাই আহে। কাৰণ ভেকুলীয়ে ভালকৈ জানে গৰম কালি বুঢ়ী বাহিৰলৈ নোলায়৷ মনৰ ৰঙতে সেইবাবে গৰম কালি ওলাই গীত গাবলৈ ধৰে–

 ‘টেঁ টো টেঁটো
 বুঢ়ীয়ে নেজানে-
 মই ক’ত থাকো।’