পৃষ্ঠা:মূলা-গাভৰু.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আগকথা। এই মূলা “গাভৰু” নাটকটি বুৰঞ্জীমূলক বুলি পাঠক পাঠিকাৰ হাতত দিয়া হল। কিন্তু বুৰঞ্জীৰ আচল ঘটনাৰ লগত অনেক মনে-সজা ডাল-পাত জোৰা দিয়া কথা গাঁঠি কিতাপ খনি সজোৱা হৈছে। এই নিচিনাকৈ প্ৰকৃত ঘটনাত মনে গঢ়া অলঙ্কাৰ পিন্ধাই নাটক লিখা অসঙ্গত নহয়। আৰু এই নিয়ম পূৰ্ব্বৰে পৰা সকলো দেশত, সকলো ভাষাত চলি আহিছে। আসাম বুৰঞ্জী যি সকলে ভালকৈ পঢ়িছে সেই সকলে সাৰ কথাখিনি বাচি লব পাৰিব। বুৰঞ্জীত জয়ন্তীৰ নাম গোন্ধও নাই। কচাৰি ৰজা ৰণত হাৰি চুহুম্মুং আহোম ৰজালৈ এটি ৰাজ-কন্য| ভেটি দি পঠোৱা মাখোন এথাইত উল্লেখ আছে। সেই কথাষাৰকে গুৰি ধৰি আৰু সেই ৰাজ-কন্যাটিকে জয়ন্তী নাম দি সজাই পড়াই পাঠক পাঠিকাৰ আগত থিয় কৰা হৈছে। তেঁওৰ স্বভাব চৰিত্ৰ, কথা বতৰা, আৰু কাৰ্য। “কাৰখানা” বোৰ ৰুচিকৰ হৈছে নে নাই কৰ নোৱাৰে॥ কিন্তু আজি-কালি জগতৰ গতিবিধিলৈ চাই মূলাগাভৰু আৰু জয়ন্তীৰ আৰ্হি লগাত পৰিছেহি যেন দেখা যায়। মুলা গাভৰুৰ অসীম সাহস, অসাধাৰণ বীৰত্ব, নিৰ্ম্মল