পৃষ্ঠা:মুখামুখি.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কি আছিল? এহ... বাদ দিয়া। প্ৰথমে বহিয়েই লওঁ।

 খিৰিকিৰ কাষত নবহিলে মই ভ্ৰমণৰ আনন্দ নাপাওঁ। গতিকে ছেত্ৰীক ক্ৰছ কৰি খিৰিকিৰ কাষৰ চিটটোলৈ বুলি জাপ এটা মাৰিলো। থিক জাপ বুলিও ক'ব নোৱাৰি। চুচৰি গ’লো বুলি ক'লেহে শুদ্ধ হ’ব। চিটবোৰ মানে বৰ ঘন-ঘন।

 থিক দুই মিনিটৰ পিছতে বাচ গৈ মেইন ৰাস্তা পালেগৈ। লগে লগে বাঢ়িবলৈ ধৰিলে গাড়ীৰ গতি।

 ফাওঁ-ফোৱাই গাড়ী চলিছে। ৰাস্তা ভাল। ভগা-চিগা, গাত-গুট একো নাই। যথেষ্ট বহলো৷ গতিকে গাড়ীৰ কোনো জোকাৰনিও নাই।

 ইপিনে গাড়ীত বাজিছে হিন্দী আৰু নেপালী ভাষাৰ গান। পৰিৱেশটো যথেষ্ট সজীৱ। অনুৰাধা পোডোৱাল, উদিত নাৰায়ণ! এইবোৰ দেখোন আমাৰ চিনাকি কণ্ঠ! আচলতে আমি পাহৰিয়েই যাও যে এওঁলোক নেপালী গায়ক- গায়িকাহে। একোটা গানৰ কোন অংশ হিন্দী কোন অংশ নেপালী খেলিমেলিয়েই লাগি যায়। ইমান অন্তৰ চুই যোৱা কণ্ঠ, ইমান হৃদয়স্পৰ্শী গীতৰ ভাষা। আচৰিত!

 যাত্ৰীবোৰে লাহে লাহে কথা–বাৰ্তাবোৰ বন্ধ কৰি নিশ্চুপ হৈ পৰিছিল। যাত্ৰাটো উপভোগ কৰিবলৈ বুলি মন বান্ধিলো। মাজতে এবাৰ জানলৈ মনত পৰিছিল। কিন্তু কি কৰিম, তাইক লগত আনিবও নোৱাৰো। টেক্‌নিকেল প্ৰব্লেম আছে। উপায় নাই। গতিকে মূৰটো জোকাৰি তাইৰ কথা মনৰ পৰা উলিয়াই পেলাবলৈ চেষ্টা কৰিলো। প্ৰেক্‌টিকেল হ'ব লাগে।

 লাহে লাহে ৰঙা বেলিটো উঠি আহিল।

 চাৰিওফালে পোহৰ হৈ আহিল।

 দুৰ-দূৰণিলৈ বুলি দৃষ্টি প্ৰসাৰিত হ'ল। কিন্তু ই কি? একেই। থিক আমাৰ অসমৰ দৰেই দেখোন। (ছেত্ৰীয়ে মোক বেলেগ ক’ৰবালৈহে লৈ আনিছে নেকি?) ৰাস্তাৰ দুয়োফালে বিস্তীৰ্ণ মুকলি পথাৰ। ধাননি। গছ-গছনি, হাবি-জংঘল, নদ-নদী, জান-জুৰি, ঘৰ-দুৱাৰ, দোকান-পোহৰ।ক’তো পৰ্বত-পাহাৰৰ নাম-গোন্ধেই নাই দেখোন। হাঃ এইখন নেপালেই নে? নেপালখনতো হিমালয়ান-ষ্টেট বুলিহে শুনিছিলো। ভুলকৈহে শুনিছিলো নেকি?

 “হেই ছেত্ৰী, পৰ্বত-পাহাৰবোৰ ক’ত? এইখন দেখোন আমাৰ অসমৰ দৰেই।”

॥ ৪৩॥