পৃষ্ঠা:মুখামুখি.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাহ নকৰে। মই ‘বুঢ়া’ হলে তেওঁ হ'ব ‘বুঢ়ী’।

 পিছে, নিৰুৎসাহহ’লো কেইজনমান স্বয়ম্ভু শুভাকাংক্ষীৰ কথা শুনিহে।

 “সেইখনতো জুনিয়ৰ কলেজ হে। স্কে’লটোতো বহুত কম হ'ব।.....”

 চেৰ-চেৰকৈ ঠাণ্ডা পানী এসোপা গাতে ঢালি দিয়াৰ দৰে লাগিছিল। কি খোচ!

 হওঁক না কম। চলিবতো পাৰিম। মইতো সন্তুষ্ট। তোমালোকে মিছাতে কিয় নিজৰ মগজ গৰম কৰিছাহঁক? এৰি দিয়ানা মোক মোৰ মতে থাকিবলৈ। প্লি-ই-জ..........।

 নাই, নেৰে। বাটে-ঘাটে, বিয়াই-সবাহে, শোৱনি কোঠাই-পাকঘৰে অন্য হাজাৰটা বিষয়ৰ মাজেদি আগবাঢ়ি গৈ গৈ শেষত কথা ৰয়গৈ স্কে’লত! ক’তে মৰো?

 মিতিৰৰ ঘৰৰ মানুহখিনিৰ আৰ্থিক অৱস্থা জয়জয় ময়ময়। এজন যদি আই-পি-এছ অফিচাৰ অন্য এজন অসম সৰ্বাঙ্গীন বিকাশ বেঙ্কৰ জেনেৰেল মেনেজাৰ। অন্য এজন আকৌ ভাৰত চৰকাৰৰ ইক্‌নমিক্স এণ্ড ফাইনেন্স ডিপাৰ্টমেন্ট এটাৰ হেড!! মিছেচৰ ককায়েক এজনৰ হেনো ইমানেই টকা গোট খালে যে নিজৰ মিছেচৰ নামতে কেইবাটাও বেঙ্কত কেইবাটাও একাউণ্ট খুলি ঠাঁহি ঠাঁহি টকা ভৰাই থৈছে! হ’ব পাৰে। হ'ব পাৰে।

 “এইবোৰ বহুত কথা। তুমি নুবুজিবা।”

 মই অসহায়ভাৱে বৰাচাৰৰ মুখলৈ চালো।

 মই নুবুজিম। ইমান ডাঙৰ কথানে?

 হয় চাগে। এনেয়েও মই বহুত কথা নুবুজো বুলি, ‘কেচ্‌’ কৰিব নোৱাৰো বুলি আশুতোষহঁতেও ভাৱে। কয়।

 মই লাজ পাব পাৰো বুলি, (আচলতে তেওঁলোকৰ প্ৰেষ্টিজত আঘাত লাগিব বুলি) মোৰ মিছেচে আজিলৈকে তেওঁৰ ঘৰৰ মানুহখিনিৰ লগত মোৰ চিনা-পৰিচয় কৰাই দিয়া নাই। ধন্যবাদ।

 পিছে ঘটনাক্ৰমে এদিন মোমায়েক এজনৰ লগত নিজেই চিনাকি হ’লো। পিছে, দুৰ্ভাগ্য আৰু কাক কয়! তেওঁ মোৰ ফালে অলপ অৱজ্ঞাৰ চাৱনি এটা দিলে।

 “তোমালোকক হায়াৰ-চেকেণ্ডেৰীৰ স্কে’লটোহে দিয়ে। নহয় জানো?

॥ ২০ ॥