পৃষ্ঠা:মুখামুখি.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কি ভাৱো এওঁৰ হেনো জানিবলৈ, বুজিবলৈ বাকী নাই।

 এইবোৰ অৱশ্যে কথাৰ মাজত ওলোৱা কথা। মই ধৰিব পাৰিলো। পিছে, বিপদত পৰি উপায় নাপাইহে সেইপাট অস্ত্ৰকে আকস্মিকভাৱে নিক্ষেপ কৰিবলগীয়া হ’ল। চাওঁচোন বাৰু ক'ৰ পানী ক'লৈ যায়।

 নাহাঁহো বুলিও এওঁ অলপ হঁহাৰ দৰে কৰিলে। অৱশ্যে, আত্মতৃপ্তিত নিশ্চয় নহয়। মোৰ নিৰূপায় অৱস্থাটো লক্ষ্য কৰিহে চাগে। মই জানো। হয়তো দেবা ন জানন্তি, কিন্তু বৰঠাকুৰ জানন্তি।

 সীমান্ত শেখৰৰ ৰোমান্টিক গানত অৱশ্যে মনটো বহুৱাব নোৱাৰিলো।

 স্ক্ৰিনৰ তলৰ অংশত বাৰে বাৰে জিলিকি উঠিছে, ...কামিং আপ,মবাইল প্ৰেমৰ পৰিণতি... বিবাহিত যুৱকৰ প্ৰতাৰণা ....প্ৰতাৰণাৰ বলি এগৰাকী ষোড়শী গাভৰু .... থানাত গোচৰ ৰুজু .. সবিশেষ সন্ধিয়া ৭ ত।

 হঠাৎ মোৰ চেলটোৰ ৰিংটনটো বাজি উঠিল। চাহকাপ হাতত লৈয়েই উঠি গ’লো।

 কাৰ কল?

 নাই, অফ্‌ হৈ গ'ল।

 ডিচ্‌প্লেত দেখিলো তিনিটা মিচড্‌ কল।

 কাৰ মিচ্‌কল ইমানবোৰ? নাম্বাৰটোও অচিনাকি।

 চালা, কাম নাই। মুৰ্খসব !

 এইবাৰ আহিল অন্য এটা ব্ৰেকিং নিউজ।

 মহানগৰীৰে এখন মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ ম'বাইল ফোনলৈ আহিল এটা অশ্লীল মেচেজ। ছাত্ৰীগৰাকীৰ ককায়েকৰ দ্বাৰা (ককায়েক?) যুৱক প্ৰহৃত। মহাবিদ্যালয়ত উত্তেজনা। আৰক্ষী মোতায়েন। সবিশেষ সন্ধিয়া ৭ত।

 উস! কি হৈছে এইবোৰ? বন্ধই কৰি থওঁ নেকি টি ভিটো ?

 নুঠক বুলি ভাবিলেও খংটো উঠি আহে। খালি গণ্ডগোলৰ খবৰ !

 আৰু যত গণ্ডগোলৰ মূল হ’ল এই ম'বাইল ফোনবোৰ। কি বস্তুতো ওলাল !

 কেতিয়াবা মানে মোৰ খঙো উঠে, দুখো লাগে, চিন্তাও হয়। অৱশ্যে কেতিয়াবা এনেও লাগে, থিকেই হৈছে। হ’বহে লাগে ইহঁতৰ। তেতিয়াহে

॥৭॥