পৃষ্ঠা:মুখামুখি.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উত্তৰ দিব সি? কিন্তু কানুৰ ঘৰখন তাৰ কাৰণে নিৰাপদ। দুইটা সৰুৰে পৰাই নলে-গলে লগাতো হয়য়েই, তদুপৰি কানুৰ ঘৰত বুঢ়ী মাকজনীৰ বাহিৰে কোনো নাই। আৰু সেই বুঢ়ী মানুহজনীয়ে ইয়াক যা-তা প্ৰশ্ন সুধি বিব্ৰত নকৰে চাগে।

 ভৱা মতেই কাম। ফোন লগালো কানুলৈ।

 মোৰ অনুমান ভুল হোৱা নাছিল। তাতে আছিল ই।

 কানুৰ ধমক উপেক্ষা কৰিব নোৱাৰি চাগে ধনে ফোনটো ধৰিলে।

 কিবা কিবি দুই এটা আপত্তি দেখোৱাৰ পিছত সি যেনিবা নিজেই আহি মোক লগ কৰিবলৈ মান্তি হল।

 আৰু এতিয়া তাৰ গাড়ীৰ ভিতৰত ধন আৰু মই।

 গাড়ী আহি আছে যোৰহাটৰ দিশেৰে। গতি মন্থৰ। যামনো কলৈ। এনেয়ে ওলাইহে আহিছো, তাৰ লগত কথা পাতিবৰ বাবে। ষ্টেণ্ডততো বাকীবোৰৰ সমুখত ঘৰুৱা কথা পাতিব নোৱাৰি।

 “ক চোন।”

 সিও যেন বাট চাইহে আছিল মোৰ এই প্ৰশ্নটোলৈকে। সি যেন অন্তৰ খুলি দিব। হঠাৎ যেন আতৰি গ'ল আমাৰ মাজৰ বয়সৰ পাৰ্থক্য। আতৰি গ'ল আমাৰ মাজৰ সম্বন্ধৰ জটিল বান্ধোন।

 “নহয় অ’ মন্ দা (সি সৰুৰে পৰাই মোক এইদৰে মাতে),তই নুবুজিবি। কথাটো মানে ডাঙৰেই। মই নালাগে তই হোৱাহেঁতেনো “ৰিএক্ট” কৰিলিহেঁতেন। মানে কালি সন্ধিয়া এইৰ ডাঙৰ ভিনিহীয়েকে তাইক ফোনত সুধিছে এইকেইদিন তাই পূৰা “এন্‌জয়” কৰি আছে নেকি। সিঁহতক পাহৰিলেই নেকি। মানে অৰ্থটো হ’লগৈ কি? সিহঁতক পাহৰাৰ কথা নে তাক পাহৰাৰ কথা সুধিছে সি চুৱৰ কা বাচ্চাই। মই তাক ফোনতে পূৰা দম্ দিছো। আৰু এইকো দিছো। সি তাইক এইবোৰ কথা ক’বলৈ সাহ পালে কেনেকৈ? তাই চল দিছিল তাক। আৰু এই চল বা কি পৰ্য্যায় পাইছিলগৈ। তাতে তাই মোক ক'লে ভিনিহীয়েকে বোলে তাইক বহুত মৰম কৰিছিল। কথাটো শুনি মোৰ মানে এনেকুৱা লাগিল যে...”

 অস্ সিদিনা যে নিমাই নবৌৱে কৈছিল পদুমী সৰু-মাজু ছোৱালী বুলি, তাৰ মানে তাইৰো দুটামান ভিনিহীয়েক থাকিব লাগে। কেনেকুৱা বা সেই কেইটা? কি বা সিহঁতৰো স্বভাৱ-চৰিত্ৰ? কেনেকুৱা বা সিহঁতৰো ভিনিহী-খুলশালীৰ মাজৰ মৰম-চেনেহ? কিবা স্বৰূপত যদি বিয়াখন হয়গৈয়ো আৰু

॥ ৯৮॥