পৃষ্ঠা:মহিলা কীৰ্ত্তন.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪৪)
মহিলা কীৰ্ত্তন।

অ হৰি এ, নাম লোৱা ৰৈ,
 এনে হেন হৰি নাম কত পাবা গৈ,
 হে নাম লোৱা ৰৈ।

অ হৰি এ, ৰসেৰ সাগৰ,
 মুখ ভৰি লোৱা নাম নেলাগে ভাগৰ,
 হে ৰসেৰ সাগৰ॥

অ হৰি এ, ৰাম কৃষ্ণ বোল
 ৰাম নাম নলৈ মন কেনে হৈছে ভুল,
 হে ৰাম কৃষ্ণ বোল।

অ হৰি এ, বাসুদেৱ বোল,
 ধন জন পুত্ৰ ভাৰ্য্যাত কিয় হৈছা ভুল,
 হে বাসুদেৱ বোল॥

অ হৰি এ, পাতক ভঞ্জন,
 জগত ব্যাপি আছ৷ তুমি নাৰায়ণ,
 হে পাতক ভঞ্জন।

অ হৰি এ, জয় জগন্নাথ
 দিয়া দেখা কৰো সেৱা দোৱাই আছো মাথ।
 হে জয় জগন্নাথ॥

অ হৰি এ, তুমি সৰ্ব্ব সাক্ষী,
 সংসাৰত ভ্ৰমি ফুৰো তোমাক নভজি,
 হে তুমি সৰ্ব্ব সাক্ষী।