অনুষ্ঠান জ্ঞানী লোকে কৰিলেও বা নকৰিলেও পুণ্যও নহয় প্ৰতিবন্ধকো নহয়। প্ৰয়োজন সিদ্ধিৰ বাবে জ্ঞানীয়ে কাৰো সহায় লব নালাগে (গীতা, ৩|১৮ দেখা)।
মহাপুৰুষ মাধৱদেৱেও গাইছে :—
তাৱত কৃষ্ণৰ ভক্ত নৰে ভক্তি অবিৰোধী কৰ্ম্ম কৰে
কৃষ্ণৰ কথাত ৰতি বাৱে নোপোজয়।
যেৱে ভৈল কৃষ্ণ কথা ৰত নিত্য নৈমিত্তিক আদি যত
কথাৰ বিৰোধী জানিয়া সবে তেজয়। (নামঘোষা)
একান্ত ভকতে নৈমিত্তিক কৰ্ম্মৰ (শ্ৰাদ্ধাদিৰ) অনুষ্ঠান কৰিবৰ কোনো আৱশ্যক নাই। কিন্তু সৰ্ব্বসাধাৰণৰ পক্ষে এই কথা নাখাটে। এনে স্থলত দুজনা গুৰুৱে তেওঁলোকৰ ধৰ্ম্মাৱলম্বী সৰ্ব্বসাধাৰণ মানুহৰ মাজত শ্ৰাদ্ধাদি ক্ৰিয়া ৰাখি গ’ল কিয়? ইয়াৰ কাৰণ এক মাত্ৰ প্ৰচলিত দেশাচাৰ ভিন্ন আন একো নহয়। সেই কালত হিন্দু সমাজত শ্ৰাদ্ধাদি ক্ৰিয়া এটা অপৰিহাৰ্য্য সংস্কাৰ হৈ পৰিছিল। হিন্দু সমাজৰ ভিতৰতে এই দেশাচাৰ উপেক্ষা কৰি এক শৰণ ধৰ্ম্ম প্ৰচাৰ কৰা এক ৰকম অসম্ভৱ আছিল। সেই দেখি লোক-সংগ্ৰহৰ কাৰণে ভক্তিৰ অলপ বিৰোধী হলেও এই আচাৰ ৰাখিবলগীয়া হৈছিল আৰু মহাপুৰুষে তাকে কৰি গৈছে।
৩