অৰ্থাৎ, “হে ধনঞ্জয়! মোৰপৰা কোনো পদাৰ্থই পৰমাৰ্থত সত্য বা স্বতন্ত্ৰ নহয়। মণিবোৰ যেনেকৈ সূতাত গথা থাকে, তেনেকৈ সকলো পদাৰ্থই মোক অৱলম্বন কৈ স্থিতি কৰে।”
আকৌ—
ময়া ততমিদং সৰ্বং জগদব্যক্তমূৰ্ত্তিনা।
মৎস্থানি সৰ্বভূতানি ন চাহং তেষ্ৱৱস্থিতঃ॥
(গীতা, ৯৷৪)
অৰ্থাৎ, “অব্যক্তৰূপে মই জগতৰ সকলোতে ব্যাপ্ত হৈ আছোঁ। সকলো ভূতেই মোত স্থিতি কৰিছে; এই সিবোৰত কিন্তু অৱস্থিত নহওঁ।”
ওপৰোক্ত কথাবোৰেই অদ্বৈত জ্ঞান নিৰ্দেশ কৰে। ভগৱন্তৰ স্বৰূপ সত্তাত পৃথক জীৱ ভাৱ নাই। অদ্বৈত- জ্ঞানৰপৰাই প্ৰকৃত আত্ম-জ্ঞান হয়। এই জগৎ ৰহস্যত একমাত্ৰ ব্ৰহ্ম-সত্তাই সত্য। তাত দ্বৈত ভাৱৰ স্থান নাই।
আকৌ,—
সৰ্ব্ব ভূতস্থমাত্মানং সৰ্বভূতানি চাত্মনি।
ঈক্ষতে যোগ-যুক্তাত্মা সৰ্বত্ৰ সমদৰ্শনঃ॥
(গীতা, ৬৷২৯)
অৰ্থাৎ যোগীয়ে সৰ্ব্বভূতক আত্মাত দেখে আৰু আত্মাক সৰ্বভূতত দেখে; তেওঁ সকলোতে সমদৰ্শী। এয়ে অদ্বৈতাদৰ নামান্তৰ।