এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২০
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী
(৭) “ভোগ্যৰ অমৃতে অতি বঢ়াৱে সকাম কৰ্ম্ম
কথামৃতে কৰে কৰ্ম্ম-নাশ।
ন চাৱয় অনুষ্ঠান শ্ৰৱণ মাত্ৰকে মহা
মুকুতিকো কৰন্ত প্ৰকাশ॥”
(ৰত্নাৱলী, ৬৭২)
(৮) “গুচয় অবিদ্যা হৰি কীৰ্ত্তন কৰন্তে।
অনায়াসে হোৱে মোক্ষ সংসাৰত হন্তে॥”
( ৰত্নাৱলী, ৮২২)
[১১৫ পৃঃ] স্মৰণ—উপনিষদত আছে—“মনোহনেন চৈতদুপস্মৰতি” (কেনোপনিষদ, ৩০৷৫) অৰ্থাৎ মনেৰে এনে ব্ৰহ্মক স্মৰণ কৰে*। আকৌ গীতাত পোৱা যায়— যে যিসকলে ঈশ্বৰৰ ভক্ত হৈ ঈশ্বৰতে সকলো কৰ্ম্ম অৰ্পণ কৰি একান্ত ভক্তিৰে ভগৱন্তক ধ্যান আৰু উপাসনা কৰে পৰমেশ্বৰে তেওঁলোকক সংসাৰৰ পৰা উদ্ধাৰ কৰে †।
- অথাধ্যাত্মং যদেতদুপগচ্ছতীব চ মনোহনেন চৈতদুপ-
স্মৰত্যতীক্ষ্মং সংকল্পঃ (কেনোপনিষদ, ৩০৷ ৫)
† যে তু সৰ্ব্বাণি কৰ্ম্মাণি ময়ি সংন্যস্য মৎপৰাঃ৷
অনন্যেনৈৱ যোগেন মাং ধ্যায়ন্ত উপসতে॥
তেষামহং সমূদ্ধৰ্ত্তা মৃত্যুসংসাৰসাগৰাৎ৷
ভৱামি ন চিৰাৎ পাৰ্থ ময্যাবেশিতচেতসাম্॥
(গীতা, ১২৷৬-৭)