মানুহৰ মঙ্গলৰ তিনিটি পথ আছে :—কৰ্ম্ম-যোগ, জ্ঞান-যোগ, আৰু ভক্তি-যোগ। কৰ্ম্ম কৰিবলৈ দুখ নাভাবি কৰ্ম্ম-ফলত অবিৰক্ত হোৱা মানুহৰ পক্ষে কৰ্ম্ম কৰ্ম্ম সিদ্ধিদায়ক। কিন্তু কৰ্ম্মই মুক্তি দিব নোৱাৰে। কৰ্ম্ম কৰোঁতে কৰোঁতে ভগৱন্তৰ প্ৰতি শ্ৰদ্ধা হলেও মুক্তিৰ বাটত আগুৱাব পাৰে। ভগৱন্তৰ প্ৰতি নিষ্কাম ভক্তি হলেহে মুক্তি লাভ হয় *।
[৮০পৃঃ] জ্ঞান-যোগ—ইয়াত মোক্ষৰ বাবে লাভ কৰা বা প্ৰকৃত বা আধ্যাত্মিক জ্ঞানৰ কথা কোৱা হৈছে।
গীতাত পোৱা যায় :—প্ৰজ্বলিত অগ্নিয়ে যেনেকৈ কাষ্ঠৰাশি দগ্ধ কৰে তেনেকৈ জ্ঞানাগ্নিয়ে কৰ্ম্ম-ৰাশি ভস্ম কৰে†। কিন্তু ভক্তি-হীন জ্ঞানে মানৱৰ গতি সাধিৱ নোৱাৰে। ভক্তিৰ বাবে বৈদিক ক্ৰিয়াৰ আৱশ্যক নাই, জ্ঞানো নালাগে, ধন আৰু দানৰো আৱশ্যক নাই। যেনে,—
“ন ক্ৰিয়া কৃত্যনপেক্ষাজ্জ্ঞানৱৎ।”
( শাণ্ডিল্য সূত্ৰ, ১৷১৷৭)।
‘ন কৰ্ম্মনা ন প্ৰজ্ঞয়া ধনেন ত্যাগেনৈকেহংমৃতত্ব- নানাশুৰিত্যাদি ঐতিভ্যঃ।' ( তৈত্তিৰীয় আৰণ্যক)
* ভাগৱত, ১১৷২০ আধ্যা দেখা।
†গীতা, ৪৷৩৭।