[ ১৫ পৃঃ ] অদ্বৈত বাদ—পূৰ্ব্ব মীমাংসা আৰু উত্তৰ
মীমাংসা বা বেদান্তৰ—এই দুখন দৰ্শন বেদৰ পৰিশিষ্ট। পূৰ্ব্ব
মীমাংসাৰ পথ কৰ্ম্মকাণ্ড আৰু বেদান্তৰ পথ জ্ঞান-কাণ্ড।
দুজনা বিখ্যাত ধৰ্ম্মগুৰুৱে--শ্ৰীশঙ্কৰাচাৰ্য্য (৭৯৯-৮৩১ খৃঃ)
আৰু শ্ৰীৰামানুজাচাৰ্য্যই (১১৩৭-১২৫০ খৃঃ) বেদান্তৰ
ভাষ্য লিখি যথাক্ৰমে বিশুদ্ধ অদ্বৈতবাদ আৰু বিশিষ্টা
দ্বৈতবাদ প্ৰতিপন্ন কৰে। তাৰ অলপ পিচত বৈষ্ণৱ-ধৰ্ম্ম
প্ৰৱৰ্ত্তক শ্ৰীমধ্ৱাচাৰ্য্যই (১১৯৭-১২৭৯ খৃঃ) বেদান্তৰ ভাষ্য
লিখি দ্বৈতৱাদ প্ৰমাণ কৰে। শ্ৰীশঙ্কৰাচাৰ্য্যৰ মতে—এক
মাত্ৰ সচ্চিদানন্দ ব্ৰহ্মহে সত্য; তাত বাদে আন সকলো
মিছা, মায়া মাথোন *৷ ইয়াৰ প্ৰকৃত অৰ্থ এই—
যেনেকৈ এক সাগৰতে ঢৌ, ফেন, বুদবুদ আদি ৰূপৰ
উদ্ভৱ হয় আৰু পৰক্ষণতে সেই সাগৰৰ পানীতে লীন
হয়, তেনেকৈ জীৱ, উদ্ভিদ আৰু অন্যান্য ভূত একমাত্ৰ
সেই পৰমাত্মাৰপৰা ওপজি আকৌ তাতেই বিলীন হয়।
বিবিধ নাম আৰু ৰূপৰ বস্তু তেওঁহে। আচাৰ্য্যই তেওঁৰ
আত্ম-বোধত কৈছে :—
- বথ্ব সতং জগন্মিথ্যা জীৱো ব্ৰহ্মৈৱ নাপৰঃ৷
ইদমেবতু সস্থাত্ৰমিতি বেদান্ত ডিণ্ডিমঃ॥
(বেদান্ত ডিণ্ডিম)
২৪