এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১১
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী
এতেকে দুঃসঙ্গ এৰি বুদ্ধিমন্তজন।
সাধুৰ সঙ্গক মাত্ৰ লৈবে সৰ্ব্বক্ষণ॥
(ৰত্নাকৰ ভা:, +৮৮)
৫। সাধু-সঙ্গ লৈয়া যিটো কৰয় ভকতি।
মাধৱৰ অনুগ্ৰহ হোৱে তাক প্ৰতি॥
জ্ঞান বিৰকতি আসি উপজয় তাৰ।
মায়াময়, সংসাৰৰ সুখে হোৱে পাৰ॥
(ৰত্নাকৰ ভা:, ১০৩৭)
৬। ইন্দ্ৰিয়ক জিনিবাৰ আছে যাৰ মতি।
সততে কৰোক যত্ন সাধুৰ সঙ্গতি॥
(দ্বিতীয়, ৪১)
৭৷ নাই তপ ব্ৰত শৌচ নপঢ়িল বেদ।
নজানে অজ্ঞানে একো শাস্ত্ৰ তত্ব ভেদ।
কেৱল সাধুৰ সঙ্গ মোক্ষ সাধে গতি।
সৎসঙ্গত পৰে নাই উপায় সম্প্ৰতি॥
(একাদশ, ১৮০)
৮৷ মোক্ষতো অধিক সখি সাধুৰ সঙ্গম।
যাহাৰ ৰেণুক স্বৰ্গ-সুখে নোহে সম॥
(একাদশ, ১৭৭)
৯। অতি অল্পকাল সঙ্গ মহন্তসৱৰ।
স্বৰ্গে মোক্ষে তাহাৰ সমান নুহিকয়॥
(ৰত্নাকৰ ৫৮৫৯)