“দুই এদিনতে মই মা-ক সকলো কথা কলোঁ। তিৰী মানুহ, তেওঁ বুজিলে। কিন্তু সেই
কথা আৰু কাকো নকলে, বাবাকো নহয়।
“মই দেখিলোঁ মই ঘৰত থাকা অসম্ভৱ; মোৰো ভাল নালাগে; বাবায়ো পছন্দ নকৰে। মোৰ সৰু ভাই তিনিওজন পঢ়াশুনা ব্যৱসায়-বুদ্ধিত বাবাৰ উপযুক্ত হৈ উঠিছে। মই তোমালোকৰ ইয়াতে লোকেলবোৰ্ডৰ চাকৰি লৈ আহিলোঁ। অদল-বদল হৈ থাকিব লাগে দেখি গবৰ্ণমেণ্টৰ চাকৰিলৈ মন নগল।
“ছোৱালীজনী লাহে লাহে ডাঙৰ হল। বিয়াৰ প্ৰসঙ্গত মাই বাবাক সকলো কথা কলে। কিছু টকাৰ বলত, কিছু খাতিৰত, কিছু কোনো নাই বুলি, বাবাই বসন্তক এই ছোৱালীজনী বিয়া দিলে। বসন্তয়ো নাজানে সেই ছোৱালী কাৰ, তাই মোৰ নিজা সন্তান নহলেও, কেনেকৈ তাইৰ লগত মোৰ হৃদয়ৰ সমস্ত বৃত্তিৰ কি ঘনিষ্ঠ সংযোগ আছিল।
“এই কাৰণেই আমাৰ দেশৰ মানুহে বসন্তক কিছু ঘিণ কৰে, আৰু সিও আনক ঘিণ কৰি তাৰ পোতক তোলে!
“যাক, এই দুৰ্ভগীয়া বুৰঞ্জী মই মৰিলেই শেষ হব। ঈশ্বৰে সোনকালে মোকো নিলে হয়।”
( ১০ )
পাছ দিনা দুপৰীয়া বসন্ত নগাৱঁৰপৰা পালেহি। ডাক্তাৰে নিজৰ ৰোগ ঠিক ধৰিব পাৰিছিল। সেই দিন ৰাতি এবাৰ, আৰু পাছ দিনা পুৱা এবাৰ ফিট হৈ ডাক্তাৰৰ মৃত্যু হল। তেওঁক সতকাৰ কৰিবলৈ মানুহৰ অভাৱ নাছিল, বঙালী-অসমীয়াই ভৰি পৰিল।
* * * *
ডাক্তাৰৰ এই অতৃপ্ত প্ৰেম, প্ৰভাৰ এই দুৰ্ভাগ্য কাহিনী, প্ৰথমতে আজি মই আপোনালোকক কৈছোঁ। কোনোবাই কব পাৰে নে মৃত্যুৰ সিপাৰত ইমান প্ৰেমৰ ইমান আবেগৰ কিবা চিন থাকিব গৈ নে নাই!
⸻⸻