পৃষ্ঠা:ময়না.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
ময়না


 এনেতে কোনোএ তৰ্কিব নোৱাৰা কৰি মণি যদুৰ চোতালত থিয় হৈ কব ধৰিলে, “দেউসকল, ভকতসকল! এই বাদুৱাৰ ঘৰত কোনোএ নাখাব। গুৰু-গোসাঁইৰ কিৰা, মোৰ কথা বিচাৰ কৰি সকলে শুনক। মই যদি মিছা কৈছোঁ, মোক আপোনাসকলে খচি খচি মাৰক, মোক গোসাঁয়ে খুলি খুলি খাওক।”

 মস্ত গোলমাল লাগি পৰিল; যদু-মণিৰ হাফাহাফি লাগিল। কোনে কি কই একো নুবুজি—ভয়ঙ্কৰ তমৰোল। এজন বামুণ,— দীঘল ক্ষীণ বগা, গাত এখন বঙালী চাদৰ, কপালত দীঘল ফোটা, টিকনিত দুগ্ধ-জবা এটা আঁৰা—তেওঁ উঠি কলে, “ৰবা ভকত সকল, ৰবা! “শুন, শুন, অধ্যাপক দেউ কি কয় শুন,” ইটোই সিটোই এই দৰে কৈ গোলমাল অলপ থামিল। অধ্যাপকে কলে, “ৰবা, ইয়াতে এই দৰে হাহাকাৰ মাৰামাৰি কৰি থাকিলে একো নহয়। আমি জানাত যদুৰ একো দায় নাই। মণিৰামৰ লগত কাজিয়াও। তেও যদি মণিৰামে বাদ দিব খোজে, তেওঁ এই সমাজক সন্মুখ কৰি বৰ পুতেকৰ মূৰত ধৰি ধৰ্ম শপথ কৰক। নহলে মুখৰ কথা এটাতে যদুৰ কাৰ্য্যটো পণ্ড কৰিব পাৰি না?” অধ্যাপকৰ কথা শুনি আৰু এবাৰ কথাৰ তমৰোল লাগিল। অৱশেষত তেওঁৰ কথাতেই সকলোএ হৰিভৰ দিলে।

 মণিএ “বাৰু, মই মিছা কৈছোঁ না কিবা। মই কিৰাকে কৰিম” এই বুলি ঘৰলৈ আহিল।

 সমাজে বাট চাই আছে মণি নাহে। মানুহ পঠালে মণিক মাতিবলৈ, মণিয়ে দুপ দুপাই কৈ পঠালে, “মই মিছা কৈছো না কিবা মই যে কিৰা কৰিব লাগে। মোৰ কোৱাৰ ভজন কৈছোঁ, সমাজে খাই খাক, নাখাই থাক। মোৰ কি?”

 মণি নাহিল! বৰ পুতেকৰ মূৰত ধৰি কিৰা, অসম্ভব!

 যদুৰ ঘৰত শ্ৰাদ্ধৰ জলপান কিছুমানে খালে কিছুমানে নাখালে। ভোজৰ দিনাও সেয়ে হল, কিছুমানে ভোজ খালে অনেকে নাখালে। গাৱঁৰ দুই খেল হল।

( ১২ )

 ৰক্তবীজৰ ৰক্ত একবিন্দু ক্ষেপণ হল। আৰু কত ৰক্তবীজৰ সৃষ্টি, তাৰ কি ইয়ত্তা কৰিব পাৰি।

 গাৱঁৰ এক খেলত নাম-গুণ হলে, ই খেলে নাযায়; সি খেলত ভাত ভোজ হলে, ই খেলে নাখায়। বিয়া সভা৷ দেউল ভঠেলি সকলোতে দুই খেল, দুই ভাগ।

 ধনবৰ আৰু সনাতন তৰণী গাৱঁলৈ ঘনাই ঘনাই আছে। ই খেলৰ এজনৰ মোকৰ্দমাত সি খেলৰ মানুহে বিপক্ষে সাখী দিয়ে; আৰু সি খেলৰ মোকৰ্দমাত ইখেলে বিপক্ষে হাথা হাথি কৰে।

 আগৰ দিনত হাই কাজিয়া গাৱঁৰ মেলতে মৰিছিল। এতিয়া কথাই কথাই মোকৰ্দমা পুলিচ আৰু উকীল! বাট পথ ভাল কৰিবলৈ কোনোএ পইচা এটা দিব নোৱাৰে। ভাগা- ভাগিত গাৱঁৰ গোসাঁইঘৰ ভাঙি গল, বছৰেকীয়া দেউল আৰু সভা নোহোৱা হল। অথচ মোকৰ্দমাত কুৰিএ কুৰিত্ৰ টকা খৰচ কৰিবলৈ কাৰো অনাটন নাই।

 গাৱঁৰ লৰা-ছোৱালীএ দুই খেল হৈ ধেমালি কৰে। আগৰ দৰে বুঢ়া ডেকাই গধূলি নাম-ঘৰত বহি কীৰ্তন নকৰে। মেলেকিৰ ঘৰে ঘৰে ইখেলে সিখেলৰ কু-কথা চৰ্চে আৰু কাক কেনেকৈ জব্দ কৰিব পাৰি তাৰ পৰামৰ্শ কৰে।

 এনে কোনো দেৱী নাই নে যি স্বৰ্গৰ পৰা নামি আহি এই ৰক্তবীজৰ ৰক্ত নিঃশেষ কৰি চেলেকি গাওঁ কেইখনক ৰক্ষা কৰিব পাৰে!