এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
ময়না
বাপেকে মণিলৈ আন এজন গামৰ ছোৱালী আনিব বুলি লনীক বিয়া কৰাবলৈ মান্তি নহয়। পাছে দুয়ো বুদ্ধি সাজি পানীত পৰা আৰু বিচৰা ছলতে, আগৰ পৰ৷ ওচৰতে থৈ দিয়া নাও এখনত উঠি ৰাতিয়েই দিচাং-মুখ পালে গৈ তাত মণিৰ মোমায়েকৰ ঘৰ। তাতেই বিয়া-বাৰু কৰাই বাপেকলৈ খবৰ দিলে। এতিয়া বুঢ়া গামৰ কথামতে লনীৰ বাপেকে মণিৰ ওপৰত মোকৰ্দমা কৰিছে। মোকৰ্দমাত মই উকীল হব লাগে।
বৰ ভাল লাগিল। যি জনা হাকিমৰ গুৰিত মোকৰ্দমা, কলিকতাত পঢ়াৰ পৰায়েই তেওঁৰ লগত ভাল। ছেগ বুজি তেওঁৰ আগত এদিন গোটাইখিনি কথা ভাঙি-পাতি কৈ থলোঁ। শুনি তেৱোঁ বৰ খুছি হল।
(৫)
প্ৰথম কাছাৰীতে মণিৰ মোকৰ্দমাটে৷ উঠিল আৰু ডেকা হাকিমে কাকো দাবি-দাওয়া নোহোৱাকৈ লনীক মণিক দি দিলে। তাহাঁত দুয়োৰো মুখ আনন্দত প্ৰকাশ হৈ পৰিল।
* * *
সেই দিনাৰ পৰা মনত এটা ভাৱ খেলাই আছে—কি জানি মিৰি হৈ জন্ম লব পাৰিলেই ভাল আছিল। [১]
- ↑ আলোচনী, অষ্টম বছৰ, ১০ম সংখ্যা, শাওন ১৮৩৯ শক।