বাহিৰত চাপ্ৰাচী ৰৈ আছিল। দুৱাৰ মুখৰ পৰা অলপ মান আহোঁতেই কৈছে,
চাপ্ৰাচী-দেউতাক চিনিব হে পৰা নাছিলোঁ। দেউতা আমাৰ বৰুৱা ডাঙৰীয়া মৌজাদাৰৰ ঘৰৰ নহয় জানো? দেউতাই চবডিপুটি কাম বিচাৰিছে হব পায়?
সৰ্বেশ্বৰে—( মনত ভাল পালে। ইয়েই তেওঁক তুমি-তামা কৰি এতিয়াই কথা কোৱা নাছিল নে! ) এৰা, তুমি নো কেনেকৈ জানিলা?
চাপ্ৰাচী—দেউতা, ইমান্ দিনে চৰকাৰৰ নিমখ খাইছোঁ, মানুহ আৰু অলপ চিনি পাওঁ,দেউতা। পাছে দেউতাই কামটো নিশ্চয় পাব।
সৰ্বেশ্বৰ—কেনেকৈ জানিলা বাৰু?
চাপ্ৰাচী—কেলেই, বৰ চাহাবে কাৰ্ডটো দিয়া মাত্ৰকতে মাতি নিলে, এতেখিনি পৰ হাঁহি হাঁহি কথা পাতিলে, এনেয়ে জানো? আও, এইটো বৰ কালান্তক চাহাব, দেউতা। আমাৰ বৰ হাকিম আহিলেও থিয়ই থিয়ই হে কথা পাতে। আৰু কিমান বাবু আহে,বাৰাণ্ডাৰ তলতে থিয় হৈ থাকে নহয়, বৰ চাহাবে কেটাহিকে নকৰে। দেউতাক বহিবলৈ চকি দিলে, হান-চেউ কৰিলে। দেউতালৈ জৰুৰ বৰ চাহাবৰ মৰম লাগিছে।
সৰ্বেশ্বৰ – দেখোঁচোন, বাৰু কি হয়?
( এইদৰে কথা পাতি প্ৰায় কম্পাউণ্ডৰ বাহিৰ পালে হি। )
চাপ্ৰাচী—পাছে, গোলামে নে৷ মিঠাই খাবলৈ একো নাপাওঁ নে?
সৰ্বেশ্বৰ—লগত তো পইচা-কৰি আহা নাই। হোৱাঁ। (এই বুলি টকা এটা চাপ্ৰাচীক দিলে ) আমাৰ ঘৰৰ ফালে যাবাচোন, চিনি নোপোৱা জানো?
চাপ্ৰাচী—কেলেই চিনি নাপাওঁ, দেউতা। মৌজাদাৰ দেউতাৰ ঘৰ আকৌ চিনি নাপাওঁ নে? যাম, দেউতা। এতিয়া গোলামৰ এয়ে ঢেৰ। কামটো হক, আৰু আছে নহয়।
( সৰ্বেশ্বৰ ওলাই আহিল।পাছত মনত পৰিল যে তেওঁ শুনিছে যে কোনোবা চীফ কমিছনাৰৰ খানছামাএ বোলে চবডিপুটি কাম দিয়াব পাৰিছিল। আৰু কোনোবা কমিছনাৰ চাহাবৰ চাপ্ৰাচীৰো তেনে অসাধাৰণ ক্ষমতা আছিল। বৰ চাহাবৰ চাপ্ৰাচী নো এক আখৰ কথা কব নোৱাৰিব নে। সৰ্বেশ্বৰে চাপ্ৰাচীক অলপ টান কৈ শেঁহাই মাতিলে। চাপ্ৰাচী দৌৰি আহিল। )
সৰ্বেশ্বৰ—হেৰা ককাই, তোমালোক সদাই চাহাবৰ লগত লাগি থকা মানুহ। কেতিয়াবা এক আখাৰ কব নোৱাৰা নে হে!
চাপ্ৰাচী—কব লাগিছে নে, দেউতা? ভাল, ভাল।
সৰ্বেশ্বৰ—এৰা, পাৰিলে কবাচোন।
( এইবাৰ সৰ্বেশ্বৰ গল। )
চাপ্ৰাচী— মনতে ) এনে আহাম্মখ, এই বাবুবোৰ তেনেই গাধা।
(২)
চহৰৰ এখন সৰু দোকানত অনেক ডেকা লৰা গোট খায়। সেই দিনাৰে আবেলি সময়ত হৰনাথ, ৰামকুমাৰ আদি বহি আছে। এনেতে সৰ্বেশ্বৰ সোমাই আহিল।
হৰনাথ — কি হে নতুন ডিগ্ৰী, কৰিলা নে বৰ চাহাবক দেখা?
সৰ্বেশ্বৰ—এৰা ভাই, কোনোমতে হল। কিন্তু চাহাব দেখা কৰা মানে এচলু তেজ শুহোৱা হে, জানিছা।
ৰামকুমাৰ — কিয় হে, কি হল? ইংৰাজী কওঁতে খোকোজা লাগিল নে কি? হওঁতে